কুসুমটোলাত যুৱ ব্যৱসায়ীৰ মৃত্যু

জামুগুৰিহাটৰ কুসুমটোলাৰ যুৱ ব্যৱসায়ী নিৰ্মল মিশ্ৰৰ আজি  উচ্চ ৰক্তপাত জনিত কাৰণত মৃত্যু হয়।পুৱা প্ৰায় ৯ মান বজাত  নিজ গৃহত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা যুৱ ব্যৱসায়ী গৰাকীক ততাতৈয়াকৈ পৰিয়ালৰ লোকে উত্তৰ জামুগুৰি চিকিংসালয়ত ভৰ্তি কৰাই যদিও চিকিংসকে ইতিমধ্যে যুৱ ব্যৱসায়ী গৰাকীক মৃত বুলি ঘোষনা কৰে।যুৱ ব্যৱসায়ী গৰাকীৰ মৃত্যুত কুসুমটোলা ব্যৱসায়িক সন্হা,কুসুমটোলা যুৱক সংঘকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত যুৱ ব্যৱসায়ী গৰাকীয়ে মাতৃ পত্নী সহ একমাত্ৰ জীয়ৰী ইহসংসাৰত এৰি থৈ যায়। 

Related Articles