মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধনেৰে সকাহ দিয়াৰ চেষ্টা যুৱ নেতা দিলীপ শইকীয়াৰ

ওদালগুৰি জিলাৰ ৰৌতা ঝাৰগাঁৱৰ বাসিন্দা মেধাবী ছাত্ৰ জিন্টু মনি ডেকা’ৰ  “ব্ৰেইন টিউমাৰৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা দুৰ্ভাগ্যজনক ভাবে দুয়োখন চকুৰ দৃষ্টি শক্তি হেৰুৱাব লগা হোৱাত দুৰ্ভগীয়া পৰিয়াল আৰ্থিক ভাৱে দুৰ্বল হোৱাৰ লগতে নানান ধৰণৰ অসুবিধাৰ কথা মঙলদৈৰ  যুৱ সাংসদ দিলীপ শইকীয়াই মুখ্যমন্ত্রী সাহাৰ্য্য পুঁজিৰ ধনৰ পৰা #জিন্টু_মনি_ডেকাৰ কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়ায় । সাংসদ শইকীয়াই প্ৰদান কৰা চেক ২২অক্টোৰত ৰৌতা মণ্ডল বিজেপি দলীয় কাৰ্য্যকর্তা ক্ৰমে মণ্ডল সভাপতি ৰবীন দৈমাৰী , জিলা যুৱ মৰ্চা সভাপতি কষ্ট বাগলাৰী , সা: সম্পাদক সমৰ হাজৰিকা , লগতে কেইবাজনো  দলীয় কাৰ্য্যকৰ্তা জিন্টু ডেকাৰ বাসগৃহত গৈ উপস্থিত হৈ উক্ত চেক আগবঢ়ায় আৰু লগতে জিন্টু ডেকাৰ সুস্বাস্থ্য কামনা কৰিছে । দুৰ্ভাগ্য বসত ভাবে বহু কষ্টৰ মাজত দিন অতিবাহিত কৰি অহা মেধাবী ছাত্ৰ জিন্টু মণি ডেকা অতি সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মায়েও ।

Related Articles