বঙাইগাঁৱৰ যুৱক বহি:ৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ! শংকিত পৰিয়াল…

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰা ২ য় খণ্ড গাওঁৰ যুৱক নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালত হুৱাদুৱাৰ সৃষ্টি কৰিছে। আব্দুল মজিদৰ পুত্ৰ ছফিকুল ইছলাম (২২) এমাহ পূৰ্বে কোৰবান আলী নামৰ ঠিকাদাৰ এজনৰ অধীনত বহি:ৰাজ্যৰ বাংগালোৰত ভঙা-ছিঙা সামগ্ৰীৰ কাম কৰিবলৈ গৈছিল। কিন্তু যুৱক জনে শাৰীৰিক অসুস্থতাৰ বাবে ৬ মে’ শুক্ৰবাৰ দিনা ঘৰত আহোঁতে ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খা-খবৰ লৈছে যদিও এতিয়ালৈকে কোনো সন্ধান উলিয়াব পৰা নাই। নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে।

কোনো সদাশয় ব্যক্তিয়ে যুৱক জনৰ সম্ভেদ পালে 9707181897 অথবা মেৰেৰচৰ আৰক্ষী থানাত খবৰ দিবলৈ আহব্বান জনাইছে।

Related Articles