Breaking

দেহৰ ঘাম, নখ, উফি, থু বিক্ৰী কৰি যুৱতী মডেল হ’ল কোটিপতি

0 78

ইন্টাৰনেটে সমগ্ৰ বিশ্বজুৰি আনিছে বৈপ্লৱিক পৰিৱৰ্তন৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি অসংখ্য লোকে কিছুমান আজৱ কাণ্ড তথা বৃত্তি গ্ৰহণ কৰে ধন উপাৰ্জন কৰিবলৈ।

চ’ছিয়েল মিডিয়াৰ বিভিন্ন ছাইটৰ প্ৰয়োভৰে তেনে লোকৰ বাবে যেন নতুন দিগন্তৰ সূচনা কৰে৷ সামাজিক মাধ্যমৰ ছাইটসমূহৰ সুযোগ গ্ৰহণ কৰি তেনে এক আজৱ বৃত্তিৰে কোটিপতিলৈ পৰিণত এগৰাকী যুৱতী মডেল হৈছে ৰেবেকা ব্লু।  

ৰেবেকাই মডেলিং জগতত ভৰি দি বৰ বিশেষ পাৰদৰ্শিতা দেখুওৱাব নোৱাৰিলে৷ নিজৰ সৌন্দৰ্যক মূলধন হিচাপে লৈ সামাজিক মাধ্যমৰ বিভিন্ন ছাইটত সক্ৰিয় হৈ বিভিন্ন ভিডিঅ’ শ্বেয়াৰ কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰে। সেই সূত্ৰে ৰেবেকাৰ সামাজিক মাধ্যমত অনুৰাগী বাঢ়িবলৈ ধৰে। সৌন্দৰ্যৱতী ৰেবেকাক এবাৰ কাষৰ পৰা পাবলৈ তেওঁ অনুৰাগীসকল অতি ব্যাকুল হৈ থাকে।

ৰেবেকাই অনুৰাগীসকলৰ সেই ব্যাকুলতাকে অতি চতুৰালিৰে ব্যৱসায়িক মূলধনলৈ পৰিৱৰ্তিত কৰে। আমেৰিকাৰ নৰ্থ কে’ৰলিনাৰ বাসিন্দা ২৮ বছৰীয়া ৰেবেকাই তেওঁক পাবলৈ ব্যাকুল অনুৰাগীসকলক নিজৰ দেহৰ ঘাম, উফি, নখ আনকি থু আদিও বিক্ৰী কৰিবলৈ ধৰে।

ৰেবেকাই প্ৰথমে ভৰিৰ নখ আৰু থু বিক্ৰী কৰি দেখিলে যে অনুৰাগীসকলৰ মাজত তেওঁৰ ভৰিৰ নখ আৰু থুইৰ চাহিদা বৃদ্ধি পাইছে।

ইয়াৰ পাছত তেওঁ কেৱল নখ, থু বিক্ৰীতে সীমাৱদ্ধ নাথাকি এইবাৰ চুলিৰ উফি, ঘাম, আনকি মূৰৰ বগা চুলিও বিক্ৰী কৰিবলৈ ধৰিলে। এইবোৰৰ চাহিদা ব্যাপকৰূপত বৃদ্ধি পোৱাৰ ফলতে ৰেবেকাই অতি কম দিনৰ ভিতৰতে কোটিপতি পৰিণত হয়। অৱশ্যে ৰেবেকাক এই কামত বহুত লোকে সহায় কৰে বুলি জানিব পৰা গৈছে।

Leave A Reply