অসম প্ৰকাশন (Young Writer Honour) পৰিষদে ৰাজ্যখনৰ সম্ভাৱনাপূৰ্ণ প্ৰগতিশীল যুৱ লেখক- লেখিকাসকলক সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান আৰু তেওঁলোকৰ সাহিত্য প্ৰতিভাক উৎসাহিত কৰাৰ লক্ষ্যৰে ঘোষণা কৰা”যুৱ লেখক সন্মান”২০২৫ কালি ঘোষণা কৰাত ঢকুৱাখনাতো আনন্দৰ জোৱাৰ উঠিছে।

অসম চৰকাৰে-‘গ্ৰন্থবৰ্ষ ২০২৫’ৰ সতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ জড়িয়তে আগবঢ়োৱা এই ‘যুৱ লেখক সন্মান-২০২৫’ৰ অধীনত অসমীয়া, বাংলা, বড়ো , মিচিং, কাৰ্বি নেপালী তথা অসমৰ অন্যান্য জাতি- জনগোষ্ঠীয় ভাষাতো সাহিত্য চৰ্চা কৰি অহা ৰাজ্যখনৰ সৰ্বমুঠ ৮১৮ গৰাকী ৪০ বছৰ অনূৰ্ধ্বৰ যুৱ লেখক-

লেখিকাক”যুৱ লেখক সন্মান”ৰ বাবে নিৰ্বাচিত কৰে।অসমীয়াৰ লগতে মিচিং ভাষা সাহিত্যি চৰ্চা
কৰা ঢকুৱাখনা সমজিলাৰ বিভিন্ন অঞ্চলৰ একুৰি এগৰাকী যুৱ লেখক-লেখিকাই এই সন্মান লাভ কৰি ঢকুৱাখনা সমজিলালৈ লৈ গৌৰৱ কঢ়িয়াই আনিছে।

“যুৱ লেখক সন্মান-২০২৫”লাভ কৰা ঢকুৱাখনা সমজিলাৰ যুৱ লেখক-লেখিকাসকল হৈছে ক্ৰমে-ড০ অসীম চুতীয়া,(চিনাইগাওঁ)ড০ বিজয় কৃষ্ণ দলে,(অভয়পুৰ)ড০ পংকজ বৰা(ঢকুৱাখনা কলেজ)ড০ জ্যোতিষ্মান দাস,(হুজগাঁও)ড০ ৰণদ্বীপ বড়া,(দেৱলীয়া)মানস প্ৰতিম দত্ত,(বৰপাকষ)গৌৰী প্ৰসাদ শৰ্মা,(বামুণগাওঁ)প্ৰিয়ম ডি জ্যোৎস্না(আমোলাপট্টি) পৰেশ দাস,(পুঠিমাৰী)বিকাশ দিহিঙীয়া,(ঢোলপেটা)ধ্ৰুৱ জ্যোতি চেতিয়া,(চেতিয়া গাওঁ)নয়নমনি দাস(সূঁতিমুখ), ৰিংকু মণি বৰা,(হিলৈদাৰী)যতীন বৰা,(বৰামাৰী)ৰাজা গোঁহাই,(কাঠৰবাৰী)জেৰিণা বৰুৱা,(ঘাৰমৰা)জিন্টু শইকীয়া,(ঘিলামৰা)মন্টুৰাম টাইড,(হাতীয়েমৰা)পুষ্পধৰ টাইড(গড়পৰা),নিপু বৰুৱা (দেৱলীয়া)পবিত্ৰ কুমাৰ পাংগিং(হাতীয়েমৰা)আৰু তপন মেদক(বিলমুখ)।

এই ২১ গৰাকী যুৱ লেখক-লেখিকাৰ ৰাজ্যখনৰ ৮১৮ গৰাকী যুৱ লেখক-লেখিকাৰ তালিকাত উজ্বলি উঠাত-ঢকুৱাখনা শাখা সাহিত্য,প্ৰেছ গীল্ড ঢকুৱাখনা, ইলোৰা বিজ্ঞান মঞ্চ ঢকুৱাখনা, ঢকুৱাখনা গ্ৰন্থমেলা সমিতি,
ঢকুৱাখনালেখিকা সমাৰোহ সমিতিকে ধৰি বিভিন্ন দল-
সংগঠনে আৰু ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।উল্লেখ্য যে এই নিৰ্বাচিত লেখক-লেখিকাসকলক অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘অসম গ্ৰন্থমেলা’ৰ

