Breaking

যুৱ-সাহিত্যিক প্ৰাঞ্জল প্ৰতিম ডেকালৈ প্ৰাগজ্যোতিষ যুৱ-সাহিত্য বঁটা-২০২১

0 54

প্ৰাগজ্যোতিষ প্ৰকাশন আৰু ন্যাসৰ উদ্যোগত প্ৰতিবছৰে প্ৰদান কৰাৰ দৰে এইবেলিও প্ৰদান কৰা হ’ল ২০২১ বৰ্ষৰ “প্ৰাগজ্যোতিষ যুৱ-সাহিত্য” বঁটা । এইবৰ্ষত উক্ত বঁটা লাভ কৰে যুৱ সাহিত্যিক তথা সুদক্ষ তাৰ্কিক দৰঙৰ প্ৰাঞ্জল প্ৰতিম ডেকাই ।

উল্লেখ্য যে, শ্ৰী ডেকাই দৰং জিলা সাহিত্য সভাৰ ৰামধেনু অনুষ্ঠানৰ প্ৰাক্তন মুখ্য সমন্বয়ক, প্ৰাক্তন সহঃআহ্বায়কৰ পদ অলংকৃত কৰাৰ উপৰিও “পূবেৰুণ”কে ধৰি কেইবাখনো আলোচনীৰ সম্পাদক হিচাপে,শব্দশঃ আলোচনীৰ অতিথি সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰে ।লগতে “সদৌ অসম তাৰ্কিক সন্থা”ৰো তেওঁ বৰ্তমানৰ সাধাৰণ সম্পাদক হিচাপে অধিস্থিত হৈ আছে । স্কুলীয়া দিনৰে পৰাই অবিৰতভাৱে সাহিত্য চৰ্চাত মনোনিৱেশ কৰা প্ৰাঞ্জল প্ৰতিম ডেকাই মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন সাহিত্য-আলোচনী সম্পাদকৰ দায়িত্ব ৰূপায়ন কৰাৰ  লগতে শ্ৰেষ্ঠ সাহিত্যিক, শ্ৰেষ্ঠ তাৰ্কিক, শ্ৰেষ্ঠ বক্তাৰ খিতাপ অৰ্জন কৰিবলৈয়ো সক্ষম হয় ।

আধুনিক ৰোমান্টিক কবিতাত এক নতুন ধাৰাৰ সূচনা কৰিবলৈ প্ৰয়াস অব্যাহত ৰখাৰ বাবে শ্ৰী ডেকাক এই বঁটাৰ বাবে মনোনীত কৰা হয় । ২০১৮ বৰ্ষত দৰঙৰ দলগাঁওত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৰামধেনুৰ কেন্দ্ৰীয় অনুষ্ঠানত উদীয়মান প্ৰতিভাধৰ হিচাপে নৱ-প্ৰজন্মক আদৰ্শৰ পথ দেখুওৱাৰ বাবে “অসম সাহিত্য সভা”ই প্ৰাঞ্জল প্ৰতিম ডেকালৈ এখনি প্ৰশস্তি পত্ৰও প্ৰদান কৰে । বঁটা লাভ কৰি প্ৰাঞ্জল প্ৰতিম ডেকাই এইবুলি কয়:-“প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়, তথাপি প্ৰাপ্তিয়ে দিয়ে এখোজ আগুৱাবলৈ অফুৰন্ত প্ৰেৰণা । এই প্ৰাপ্তিয়ে আনন্দিত কৰাৰ সমান্তৰালকৈ দায়বদ্ধতাও বঢ়ালে ।

উত্তৰ গুৱাহাটীৰ উজানবজাৰ স্থিত বিষ্ণু-নিৰ্মলা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যাচাৰ্য পৰাগ কুমাৰ ভট্টাচাৰ্য, শিল্পী মণিষা হাজৰিকা, মঞ্জুলা হাজৰিকা,প্ৰিয়ংকা ভৰালী,আচুৰ্য বৰপাত্ৰকে প্ৰমুখ্য কৰি নবীন-প্ৰবীণ শিল্পী-সাহিত্যিকৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় ।প্ৰাঞ্জল প্ৰতিম ডেকাৰ এই প্ৰাপ্তিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে ।সমগ্ৰ ৰাজ্যৰ লগতে গৃহজিলা দৰঙতো উছাহৰ ঢল,অভিনন্দনৰ সোঁত ।

Leave A Reply