Breaking

ডিমৌত হোটেলত চাহ নোখোৱাৰ বাবেই যুৱকক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ

0 2,052

শিৱসাগৰ জিলাৰ ডিমৌৰ মাজমজিয়াৰ এখন পদপথৰ হোটেলত একাপ চাহৰ বাবে এজন যুৱকক ছুৰীৰে দেহৰ কেইবাটাও স্হানত উপৰ্যুপৰি আক্ৰমণ কৰাৰ বাতৰিয়ে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে । জানিব পৰা মতে আজি দুপৰীয়া ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পদপথৰ চাহ দোকানত  এজন গ্ৰাহককে চাহ নোখোৱাত ৰঞ্জন নাওহলীয়া  নামৰ ব্যক্তিজনে শিৱসাগৰ জিলাৰ ডিমৌমুখ বাগল অঞ্চলৰ নিবাসী চাহিদুল ইছলাম নামৰ যুৱক জনক  আক্ৰমণ কৰে । চাহিদুল ইছলামে  উক্ত হোটেলখনত চাহ খোৱাৰ পৰিবৰ্তে সমীপৰে আন এখন পদপথৰ হোটেলত চাহ খোৱাৰ  ছুৰীকাঘাটৰ ঘটনা সংঘটিত হবলৈ পালে। ছুৰীৰ আঘাটত বুকু, হাত আৰু দেহৰ কেইবা ঠাইতো গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱক জনক স্থানীয় ৰাইজে ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চাহিদুল ইছলামৰ আঘাত অতি গুৰুত্বৰ হোৱাত চিকিৎসকে  মুৰ্মূষ অৱস্থাত ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে, ডিমৌ চাৰিআলিৰ মাজ মজিয়াত, আৰক্ষী থানাৰ পৰা মাথো দুশ মিটাৰ দূৰত্বৰ ঘটনা সংঘটিত স্থানত একাংশ লোকে  প্ৰায় আধা ঘন্টা সময় ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰাখে।পিচত ডিমৌ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ ঘটনা সংঘটিত কৰি পলায়ন কৰা ৰঞ্জন নাওহলীয়া নামৰ যুৱক জনক দুই ঘণ্টাৰ ভিতৰত আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদকাৰী সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো মুকলি কৰি দিয়ে। ঘটনাক কেন্দ্ৰ কৰি এতিয়াও ডিমৌত তীব্ৰ উত্তেজনা অব্যাহত আছে। ইপিনে পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত ডিমৌ আৰক্ষীক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

Leave A Reply