Breaking

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ ওপৰত ভৱানীপুৰত যুৱ কংগ্ৰেছৰ সংবাদমেল…

0 2,057

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশ্বৰ ভিতৰতে মিছলীয়া প্ৰধানমন্ত্ৰী। আজি সেই কথা আকৌ এবাৰ প্ৰমাণ হ’ল। দেশত কোৰোনাজৰ্জৰ পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কোৱা কথা যে সম্পূৰ্ণৰূপে মিছা আছিল, সেই কথা পুনৰবাৰ প্ৰমাণিত হ’ল।’ -এই মন্তব্য অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ তথা সম্পাদক দীপাংকৰ দাসৰ। শুক্তবাৰে বিয়লি প্ৰায় পাঁচ বজাত ভৱানীপুৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে যোৱা ৫ মে’ত বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বতে কোৰোনাজৰ্জৰ সময়ছোৱাত মৃত্যু ঘটা লোকৰ পৰিসংখ্যাক লৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত ভাৰতৰ ক্ষেত্ৰত প্ৰদান কৰা প্ৰতিবেদনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত ২০২০-২১ বৰ্ষৰ সময়ছোৱাত সমগ্ৰ পৃথিৱীতে ৪,৭২৯,৫৪৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰা হৈছিল।

আনহাতে এইক্ষেত্ৰত সমগ্ৰ পৃথিৱীতে কোৰোনাজৰ্জৰ সময়ছোৱাত মৃত্যু ঘটা লোকৰ এক তৃতীয়াংশই ভাৰতবৰ্ষৰ আছিল বুলিও বিশ্ব স্বাস্থ্য সংস্থাৰ একেখন প্ৰতিবেদনত প্ৰকাশ পাইছে। সেই তথ্য অনুসৰি উক্ত সময়ছোৱাত ভাৰতত প্ৰায়  ৪৭ লাখ লোকৰ কোৰোনাত মৃত্যু ঘটিছিল। গতিকে, সেই সময়ত বিজেপি চৰকাৰে যি তথ্য দিছিল, তাৰ তুলনাত দহ গুণ বেছি মানুহৰ মৃত্যু ঘটাৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ মন্তব্য- ইমানদিনে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে অকল ভাৰতবৰ্ষৰ জনসাধাৰণকেই নহয়, সমগ্ৰ বিশ্বৰ জনসাধাৰণকে মিছা কথাৰে আভুৱা ভাৰি আহিছিল।নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ বিশ্ববাসীৰ ওচৰতে ভাৰতবাসীক লজ্জাৱনত কৰিছে। সেয়ে বিশ্ববাসীৰ ওচৰত মিছা কথা কৈ ভাৰতীয় জনসাধাৰণক যেনেদৰে অন্ধকাৰত ৰাখিলে, তাৰ বাবে সমগ্ৰ ভাৰতবাসীৰ হৈ বিশ্ব জনগণৰ ওচৰত প্ৰধানমন্ত্ৰীক ক্ষমা খোজাৰ দাবী জনায় সংবাদমেলযোগে। আনহাতে উপযুক্ত চিকিৎসাৰ লগতে কোৰোনা প্ৰতিষেধকৰ অভাৱ আৰু সময়ত অক্সিজেন যোগান ধৰিব নোৱাৰা বিজেপি চৰকাৰখনক কোৰোনাত মৃত্যু ঘটা প্ৰতিগৰাকী লোককে চাৰি লাখকৈ ক্ষতিপূৰণ দিয়াৰো দাবী জনায় অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে পূৰ্বতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তথ্য সহকাৰে এই কথা উন্মোচন কৰিছিল বুলিও সংবাদমেলত মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীৰ মন্তব্য- এই তথ্য আমাৰ নহয়, বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে এক নিৰপেক্ষ সংস্থাইহে দীৰ্ঘদিন কৰা প্ৰণালীবদ্ধ গবেষণা আৰু অনুসন্ধানৰ পিছতহে এই কথা প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্ৰতিবেদনক এশ শতাংশই সঁচা বুলি দাবী কৰি যুৱ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ মন্তব্য- বিশ্ব স্বাস্থ্য সংস্থা সংস্থা কংগ্ৰেছ দলৰ নিৰ্দেশত‌ চলা সংস্থা নহয়।

তেওঁলোক নিৰপেক্ষ, এই কথা বিশ্বজুৰি স্বীকৃত। সেয়ে বিশ্বৰ বাকী দেশসমূহে বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্ৰতিবেদন মানি লৈছে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনক যদি ভুল বুলি কোৱা হয়,তেন্তে কোৰোনাকালীন সময়ত কেন্দ্ৰীয় চৰকাৰে দিয়া নীতি-নিৰ্দেশনাসমূহো মিছা বুলি প্ৰমাণিত হ’ব লাগিব।  সংবাদমেলত অসন প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ দীপাঙ্কৰ দাসৰ সৈতে ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ইছমাইল হুছেইন, ভৱানীপুৰ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি মকিবুল ইছলাম আৰু সাধাৰণ সম্পাদক আব্দুল্লা আহমেদো উপস্থিত আছিল। Attachments area

Leave A Reply