নিচামুক্তি কেন্দ্ৰত অত্যাচাৰ, নগাঁও থানাত গোচৰ তৰিলে যুৱকে

নিচাসক্ত যুৱকক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ নামত স্থাপিত হোৱা নিচামুক্তি কেন্দ্ৰসমূহত ব্যাপক বেমেজালি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। নগাঁৱত কাঠফুলাৰ দৰে গঢ়ি উঠা নিচামুক্তি কেন্দ্ৰসমূহত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

নিচামুক্তি কেন্দ্ৰত ব্যাপক অত্যাচাৰৰ সন্মুখীন হৈ এগৰাকী যুৱকে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰাৰ পিছতে পুনৰ পোহৰলৈ আহিছে নিচামুক্তি কেন্দ্ৰসমূহৰ প্ৰকৃত স্বৰূপ। ইতিমধ্যে চেষ্টা নামৰ নিচামুক্তি কেন্দ্ৰটোৱে নগাঁৱত তেঁওলোকৰ কাৰ্যালয় বন্ধ কৰি পলায়ন কৰাৰো অভিযোগ উঠিছে।

বাহাৰুলৰ অভিযোগ অনুসৰি, নিচামুক্তি কেন্দ্ৰটোত থকা যুৱকসকলক নাঙঠ কৰি প্ৰহাৰ কৰা হয়। অতি লেতেৰা পৰিৱেশত যুৱকসকলক ৰখাৰ লগতে তেঁওলোকক অস্বাস্থ্যকৰ খাদ্য প্ৰদান কৰাৰো অভিযোগ কৰিছে যুৱকজনে। ইতিমধ্যে যুৱকজনৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Related Articles