Breaking

অসম যুৱ অলিম্পিকলৈ যাত্ৰা তামুলপুৰৰ যুৱক -যুৱতীৰ

0 79

অসম যুৱ অলিম্পিকলৈ যাত্ৰা তামুলপুৰৰ যুৱক -যুৱতীৰ । ৰাজপথত ৰেলিৰে ৰাইজৰ মাজত সজাগতা । পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনত আৰম্ভ কৰা অসম যুৱ অলিম্পিকলৈ তামুলপুৰ জিলাৰ পৰা যাত্ৰা কৰিব ১২৯ গৰাকী খেলুৱৈয়ে৷ তামুলপুৰ জিলাৰ পৰা খেলুৱৈ সকলে অসম অলিম্পিকত যোগদান কৰি পদক লাভ কৰিব বুলি মন্তব্য অসম অলিম্পিক সন্থাৰ উপ-সভাপতি বিষ্ণুৰাম নূনিচাৰ । তেওঁঁ তামুলপুৰ জিলাৰ পৰা অংশ গ্ৰহণ কৰা খেলুৱৈ সকলৰ মাজৰ পৰা একো একোগৰাকী লাভলিনা, হিমা দাস হৈ জিলিকি উঠিব বুলি আশা প্ৰকাশ কৰে।

তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয় চৌহদত অসম অলিম্পিকলৈ যাত্ৰা কৰিব লগা খেলুৱৈ সকলক লৈ টৰ্চ ৰেলি ৷ বিশিষ্ট ক্ৰীড়াবিদ তথা তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ, তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তা , তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে বন্তি প্ৰজ্বলন কৰি অলিম্পিক যাত্ৰাৰ শুভ উদ্ধোধন কৰে ৷ উল্লেখ্য যে তামুলপুৰ জিলাৰ কাবাদি, খো খো, নেট বলকে ধৰি ছয়টা খেলত অংশ গ্ৰহণ কৰিব ৷

তামুলপুৰৰ পৰা প্ৰসাদ দাস,

Leave A Reply