Breaking

কেবা শতাধিক দলীয় কৰ্মী সমৰ্থকক লগত লৈ যুৱ নেতা মেহেবুব মোক্তাৰৰ শ্ৰমদান

0 1,564

কেবা শতাধিক দলীয় কৰ্মী সমৰ্থকক লগত লৈ যুৱ নেতা মেহেবুব মোক্তাৰৰ শ্ৰমদান। এইবাৰ ৰাইজৰ দলৰ মূখপত্ৰ মেহেবুব মোক্তাৰে স্ৰম দান কৰা লোক সকলক উৎসাহ দি দলীয় কৰ্মী সমৰ্থক সকলৰ লগত নিজেও কৰিলে বান-খহনীয়া প্ৰতিৰোধৰ কাম। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ধিং সমষ্টিৰ মোৱামাৰি গতিকৰা,বিৰিঙাবাৰী অঞ্চলকে ধৰি বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ লোক শংকিত হৈ পৰিছে।শ শ বিঘা কৃষি ভুমি নদীৰ গৰাখহনীয়াত জাহ গ’ল।

সম্প্ৰতি মৰিগাঁও নগাঁও জিলাৰ স্ংযোগী মোৱামাৰীৰ মথাউৰি যিকোনো সময়ত ছিগি যোৱা সম্ ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ জল সম্পদ বিভাগৰ নগাঁও-মৰিগাও জিলাৰ বিষয়া-কৰ্মচাৰী, অভিযন্তাৰ সহযোগ গ্ৰহন কৰি ধিং সমষ্টিৰ কেবাটাও পঞ্চায়তৰ কেবা শতাধিক লোকৰ লগত য়ুৱ নেতা মেহেবুব মোক্তাৰে স্ৰম দান কৰা পৰিলক্ষিত হৈছে।


বদৰুজ জামান আকতাৰ প্ৰতিবেদন

Leave A Reply