বহিৰাজ্যত কৰ্মৰত যুৱক গৃহমুখী হোৱাৰ পথত সন্ধানহীন…

বহিৰাজ্যত কৰ্মত সৰুপথাৰৰএজন যুৱক ঘৰলৈ ঘূৰি অহা পথত সন্ধানহীন। কেৰালাত কৰ্মৰত ৰমজান আলী নামৰ যুৱকজন ঈদ উপলক্ষে ৰে’ল যোগে ঘৰলৈ আহি থকা পথতে সন্ধানহীন হৈ পৰাত হাহাকাৰ লাগিছে যুৱকজনৰ ঘৰত।ৰমজান আলীৰ ঘৰ সৰুপথাৰ সমষ্টিৰ অন্তৰগত অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ২ নং মধুপুৰ গাঁৱত। দৰিদ্ৰ পৰিয়ালৰ ৰমজান আলী বিগত জানুৱাৰী মাহত কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ গৈছিল।

ঈদ উপলক্ষে যুৱকজন জুন মাহৰ ৯ তাৰিখে বিবেক এক্সপ্ৰেছ যোগে ঘৰলৈ আহি থকা অৱস্থাতে ৰহস্যজনক ভাৱে নিখুজ হৈ পৰে। ৰমজান আলীৰ লগত ঘৰলৈ অহা আন কেইবাজনো বন্ধু ইতিমধ্যে নিজ গৃহত উপস্থিত হৈছে ৰমজান আলীৰ কোনো সন্ধান নোপোৱাত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত।ইপিনে আৰক্ষীৰ কাষচাপিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।যুৱকজনৰ কিবা সন্ধান পালে ৯৩৬৫২৬০৬৭২ বা ৮৮৯১৮০৬৭৭৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে।

Related Articles