জ্যোতি মালহোত্ৰাৰ সন্দেহজনক ভ্ৰমণ পোহৰলৈ: পাকিস্তানৰ বাবে তথ্য সংগ্ৰহৰ সন্দেহ । YouTuber Jyoti

YouTuber Jyoti । ভাৰতীয় গৃহ-সুৰক্ষা সংস্থাসমূহক চিন্তিত কৰি তোলা এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে জ্যোতি মালহোত্ৰাৰ সন্দেহজনক কাৰ্যকলাপ সম্পৰ্কে। উচ্চ পদস্থ চোৰাংচোৱা সূত্ৰৰ অনুসৰি, জ্যোতি মালহোত্ৰাই ২০২৪ চনৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কমেও তিনি বাৰ মুম্বাই ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ পাকিস্তানৰ বাবে স্পৰ্শকাতৰ তথ্য সংগ্ৰহ কৰিছিল বুলি সন্দেহ কৰা হৈছে।

সূত্ৰ অনুসৰি—

  • প্ৰথম ভ্ৰমণ জুলাই মাহত: আহমেদাবাদৰ পৰা কৰ্ণাৱতী এক্সপ্ৰেছৰে মুম্বাই ভ্ৰমণ কৰিছিল। যাত্ৰাৰ সময়ত বিভিন্ন ৰে’ল ষ্টেচন আৰু স্পৰ্শকাতৰ এলেকাৰ ভিডিঅ’ তুলি ৰাখিছিল।
  • দ্বিতীয় ভ্ৰমণ আগষ্ট মাহত: নতুন দিল্লীৰ পৰা ১২১৩৮ পঞ্জাৱ মেইল ৰে মুম্বাই গ’ল। যাত্ৰা কালত পঞ্জাৱ মেইলক দেশ বিভাজনৰ সময়ৰ প্রেমৰ প্ৰতীক বুলি মন্তব্য কৰিছিল আৰু এক ভিডিঅ’ত ৰে’লখনৰ ইতিহাসৰ উল্লেখ কৰিছিল। এইবাৰ AC 2 Tier ডবাত ভ্ৰমণ কৰিছিল।
  • তৃতীয় ভ্ৰমণ ছেপ্টেম্বৰ মাহত: বিলাসী বাছেৰে মুম্বাই গৈ কেইবাদিনো থাকিছিল। সেই সময়ত একাধিক গুৰুত্বপূৰ্ণ স্থানত তোলা ভিডিঅ’ আৰু ফটো এতিয়া তদন্তকাৰী সংস্থাৰ হাতত।

তদন্তকাৰী সংস্থাসমূহে জ্যোতি মালহোত্ৰাৰ ম’বাইল আৰু লেপটপৰ পৰা উদ্ধাৰ কৰিছে সকলো ভ্ৰমণৰ সবিশেষ, যাৰ ভিতৰত স্পৰ্শকাতৰ তথ্য আৰু গোপন কন্টেণ্টো আছে। উল্লেখযোগ্য যে, জ্যোতিয়ে পূৰ্বে নষ্ট কৰি পেলোৱা ডিভাইচৰ পৰা পুনৰ ডাটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তদন্তকাৰী বিষয়াই

তদন্তত স্পষ্ট হৈছে যে, জ্যোতি মালহোত্ৰাই পাকিস্তানৰ বাবে ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ ভিডিঅ’ আৰু ফটো সংগ্ৰহ কৰিছিল। এই তথ্য পোহৰলৈ অহাৰ পাছত সুৰক্ষা সংস্থাসমূহ অধিক সতর্কতা অবলম্বন কৰিছে আৰু তদন্ত অধিক গভীৰ কৰি তোলা হৈছে।

এই সন্দেহজনক কাৰ্যকলাপে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষা ক্ষেত্ৰত গভীৰ চিন্তা উদ্ৰেক কৰিছে।

Related Articles