Breaking

যুৱ-ছাত্ৰ পৰিষদৰ সুন্দৰ পদক্ষেপঃ বিহু উদ্‌যাপনৰ বাবে সংগ্ৰহ কৰা ধনেৰে ৰাইজক এম্বুলেঞ্চ উপহাৰ

0 1,524

দৃষ্টান্তমূলক সুন্দৰ পদক্ষেপেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিয়ে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ পৰিষদৰ তৰফৰ পৰা গোগামুখবাসীক এখন সুন্দৰ এম্বুলেঞ্চ উপহাৰ আগবঢ়াইছে ৷ উল্লেখনীয় যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতি আৰু ষষ্ঠ বাৰ্ষিক বৃহত্তৰ গোগামুখ ব’হাগী উৎসৱৰ উদ্‌যাপন সমিতিয়ে বিগত বৰ্ষত ক’ভিড-১৯-ৰ বাবে তেওঁলোকে উদ্‌যাপন কৰিবলগা কেন্দ্ৰীয় ব’হাগী উৎসৱ বাতিল কৰিছিল ৷ কিন্তু সংগ্ৰহ কৰা ৰাইজৰ আৰ্থিক সাহায্য পূঁজি অথলে যাবলৈ নিদিলে ৷ বিহু উদ্‌যাপনৰ বাবে সংগ্ৰহ কৰা পূঁজি আৰু যুৱ-ছাত্ৰ পৰিষদৰ হৃদয়বান কৰ্মকৰ্তা সকলৰ প্ৰচেষ্টাত সাধাৰণ ৰোগীৰ সহায়ক হোৱাকৈ এখন এম্বুলেঞ্চ ক্ৰয় কৰি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ হাতত অৰ্পণ কৰে ৷ অঞ্চলটোৰ সাধাৰণ ৰাইজৰ ৰোগী সকলৰ সকাহ পোৱাকৈ এম্বুলেঞ্চ আজি মুকলি কৰে ৷ এম্বুলেঞ্চ সেৱা সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৩ খন পঞ্চায়তৰ হাজাৰ হাজাৰ ৰাইজক উক্ত এম্বুলেঞ্চ সেৱাই সামৰি ল’ব ৷

ধেমাজি জিলাৰ গোগামুখৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বহু প্ৰত্যাশিত এম্বুলেঞ্চ সেৱা মুকলি কৰে গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বৰষা দুৱৰাই । যুৱ-ছাত্ৰ পৰিষদৰ ব’হাগী উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি তথা গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ এম্বুলেঞ্চ সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাতুল বৰগোঁহাই, সাংস্কৃতিক সম্পাদক দেৱজিত দাস, ধেমাজি জিলাৰ সহকাৰী আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা, ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ৰঞ্জিত কাকতি, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ মুখেশ্বৰ চুতীয়া, অৱসৰ প্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ বৰগোঁহাই, এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলে, সমাজকৰ্মী কল্যাণ গগৈ, জিতু বৰা, অৱসৰপ্ৰাপ্ত চিকিৎসক ড° পদ্মেশ্বৰ পেগু, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, উপদেষ্টা ৰিতুপৰ্ণ কোঁচ, যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি অমৰজ্যোতি কলিতা, পাপলু দাস আদি ৷ অনুষ্ঠানটোৰ আঁত ধৰে যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা শৰৎ চুতীয়াই ৷

Leave A Reply