ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে বিখ্যাত কৰিঅ’গ্ৰাফাৰ তথা দন্ত চিকিৎসক ধনশ্ৰী ভাৰ্মাই। দুয়োজনে যোৱা বছৰে পৰা ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে চাহালৰ এটা পুৰণি ভিডিঅ’।(Yuzvendra Chahal)
তেওঁৰ এই ভিডিঅ’টো ‘ঝলক দিখলা জা ছিজন ১১’ৰ, যেতিয়া চাহাল আৰু পত্নী ধনশ্ৰীৰ সুখৰ সংসাৰ আছিল। শ্ব’ৰ আয়োজক ঋত্বিক ধনজনী আৰু গৌহৰ খানে যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ সৈতে এক খেল খেলিছিল। তাত তেওঁ এটা শব্দ চিনি পাব লাগিছিল। ধনশ্ৰীৰ পাল আহিলত তাইৰ কাৰ্ডত ‘ডাইমণ্ড’ লিখা আছিল। অনুমান কৰাৰ লগে লগে চাহালে হাঁহি হাঁহি ক’লে, ‘তুমি সদায় যি বিচাৰা’। এই কথাত ধনশ্ৰীয়ে থতমত খাই সুধিলে, ‘কি?’
ইয়াৰ পিছত চাহালে ধেমালিতে ক’লে যে যেতিয়াই কাজিয়া হয় ধনশ্ৰীয়ে কিবা নহয় কিবা এটা বিচাৰে। তেতিয়া ধনশ্ৰীয়ে ক’লে যে কাজিয়াৰ পিছত ক্ষমা বিচৰাৰ কথা, কিন্তু হীৰা বিচৰা বিষয়টোত তেওঁ আচৰিত হৈছিল। তেওঁ চাহালক সুধিলে কেতিয়া তেওঁ ডাইমণ্ড বিচাৰিছিল। পিছত চাহালে স্পষ্ট কৰি দিয়ে যে ধনশ্ৰীয়ে কেতিয়াও ডাইমণ্ড বিচৰা নাছিল, সেয়া কেৱল ধেমালিহে আছিল। অৱশ্যে তেওঁৰ অনুৰাগীসকলে এই ভিডিঅ’টোক তেওঁৰ বিবাহিত জীৱনৰ সৈতে সংযোগ কৰিছে।
দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰৰ বাবে বিগত বৰ্ষ ২০২৪ৰ পৰাই শিৰোনাম দখল কৰি আহিছিল। কিন্তু এতিয়ালৈকে যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী ভাৰ্মাই তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। অৱশ্যে বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিছুদিনৰ পৰা তেওঁলোকৰ সম্পৰ্কত বাতৰি সম্প্ৰচাৰিত হৈ আহিছে। ২০২০ চনৰ ডিচেম্বৰ মাহত দুয়োৰে বিবাহপাশত আবদ্ধ হয়, তাৰ পিছত দম্পতীহালে সুখৰ জীৱন যাপন কৰি আছিল যদিও শেহতীয়াকৈ ছচিয়েল মিডিয়াত তেওঁলোকৰ বিচ্ছেদৰ খবৰ দ্ৰুতগতিত বিয়পিবলৈ আৰম্ভ কৰে।
দেওবাৰে যুজবেন্দ্ৰ চাহালে নিজৰ ইনষ্টাগ্ৰামত এটা কাহিনী শ্বেয়াৰ কৰিছিল, য’ত তেওঁ বিখ্যাত ব্যৱসায়ী ৰতন টাটাৰ উক্তি লিখিছিল। পোষ্টটোত আত্মসন্মান আৰু আত্মমূল্যৰ কথা কোৱা হৈছিল। পোষ্টটোত লিখা আছিল, ‘আপোনাক কোনেও বুজি নাপালে বুলিয়েই আপোনাৰ মূল্য কমি নাযায় – ৰতন টাটা।’ এই পোষ্টটো দেখি অনুৰাগীসকলে আৰু অধিক জল্পনা-কল্পনা কৰিবলৈ ধৰিলে যে তেওঁলোকৰ সম্পৰ্ত ফাঁট মেলিছে?

