জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস

সদৌ অসম ছাত্ৰ সন্থাই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰম্ভ কৰা ঐতিহাসিক অসম আন্দোলনত ১৯৭৯ চনৰ ১০ ডিচেম্বৰ দিনটোত পুলিচৰ গুলীত প্ৰথম প্ৰাণ আহুতি দিছিল ছাত্ৰ বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ৷ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবেই প্ৰতিবছৰে ১০ ডিচেম্বৰ দিনটো সমগ্ৰ অসমতে শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷  

আজি মাজুলীৰ জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ফুলনি উঃমাঃবিঃ প্ৰাঙ্গণৰ কেন্দ্ৰীয় শ্বহীদ বেদী স্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই উপলক্ষে পতাকা উত্তোলন কৰে জেংৰাই আছুৰ সভাপতি দিগন্ত বৰুৱাই ৷ ফুলনি উঃমাঃবিঃৰ অধ্যক্ষ দ্বিজেন শইকীয়াই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত শ্বহীদ তৰ্পণেৰে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৷ জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মন্টু গায়ণে আঁত ধৰা অনুষ্ঠানটিত ফুলনি উঃমাঃবিঃৰ শিক্ষক-শিক্ষয়ত্ৰী , ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷

Related Articles