Breaking

দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মালৈ শূণ্য সহনশীল বটাঁ।

0 2,047

 মঙলদৈ প্ৰতিবেদক: দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মা সহ ৪ গৰাকীলৈ দুৰ্ণীতি বিৰোধী যুৱ শক্তি অসমৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে শূণ্য সহনশীল বটাঁ। আজি সংগঠনটোৰ পৰা প্ৰকাশ কৰা অনুসৰি, দৰঙত যোগদান কৰিয়েই ড্ৰাগচ সহ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাই যি ভূমিকা গ্ৰহণ কৰিছে তাৰ বাবেই এই বটাৰ বাবে মনোনীত কৰা হৈছে। আগন্তুক ডিচেম্বৰ মাহৰ ৯ তাৰিখে গুৱাহাটী জিলা পুথিভৰালত এই সন্মান প্ৰদান কৰি উৎসাহিত কৰা হব। লক্ষনীয় যে, একেটা অনুষ্ঠানে দৰং জিলা বিজেপিৰ যুৱ নেতা বসন্তদেৱ গোস্বামী, ছিপাঝাৰৰ দুই সাংবাদিক ক্ৰমে নৱ কুমাৰ শইকীয়া আৰু ঋষিপদ চহৰীয়ালৈয়ো শূণ্য সহনশীল বটা আগবঢ়োৱা হৈছে। ১৯৯৫ চনতে সক্ৰিয় ৰাজনীতিত যোগদান কৰা বসন্তদেৱ গোস্বামীয়ে ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু অত্যন্ত সক্ৰিয়তাৰে সমাজ সেৱা মূলক কাম কৰি আহিছে। প্ৰতীক্ষা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিস্হাপক সভাপতি গোস্বামীয়ে বিভিন্ন সময়ত দুৰ্ণীতিৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে সমাজৰ নিচলা, শ্ৰমিকগোষ্ঠীৰ বিপদত সহায় সহযোগ কৰি আহিছে। গোস্বামীৰ বিগত ২৭ বছৰীয়া সমাজসেৱা মূলক তথা ৰাজনীতিত যি বলিষ্ঠ ভূমিকা তাৰ বাবেই এই বটালৈ মনোনীত কৰিছে। ইপিনে, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ছিপাঝাৰৰ নৱ কুমাৰ শইকীয়া আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক ঋষিপদ চহৰীয়ালৈয়ো এই বটা আগবঢ়োৱা হৈছে। লক্ষনীয় যে, ছিপাঝাৰ প্ৰেছ গীল্ডৰ প্ৰাক্তন সম্পাদক,  মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্য তথা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা  সাংবাদিক নৱ কুমাৰ শইকীয়াই ২০১১ চনত আপকুৰ দ্বাৰা  ৰাজ্যিক পৰ্যায়ত  প্ৰৱৰ্ত্তিত  মন্টুমোহন দাস সোৱৰনী শ্ৰেষ্ঠ সাংবাদিকতা বটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইফালে প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসৰ তৰফৰ পৰাও বিজেপিৰ দৰং জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক যুৱনেতা বিতুপন ডেকাক ১৯ নৱেম্বৰ ২০২১ তাৰিখে আগবঢ়াব প্ৰাগজ্যোতিষ বঁটা (যুৱ সংগঠক) ২০২১৷

Leave A Reply