Zubeen: ৫০০০ৰ শিল্পীয়ে ঐক্যস্বৰে গালে জুবিনৰ গীত

ঢকুৱাখনা (Zubeen) ৰাজহুৱা খেলপথাৰত উখল মাখল পৰিৱেশ। কালি সন্ধিয়া ৫ বজাত ঢকুৱাখনাত ৫০০০ শিল্পীয়ে ঐক্যস্বৰে ৩০ মিনিট একেৰাহে গীত গালে জুবিন গাৰ্গক স্মৰণ কৰি। সপ্তশিখা, ঢকুৱাখনাৰ উদ্যোগত ঢকুৱাখনা সম জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে ঢকুৱাখনা নগৰৰ মাজ মজিয়াৰ ৰাজহুৱা খেলপথাৰত।


উল্লেখ্য যে ৫০০০ শিল্পীৰ গীতৰ অনুষ্ঠানৰ পূৰ্বেই জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত ভাগ লয় ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে। ইফালে বাঁহী আৰু গীতাৰৰ সুৰতো জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা হয় এই অনুষ্ঠানত।

Related Articles