প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ অসুস্থ, চিকিৎসালয়ত ভৰ্তি ।zubeen garg

zubeen garg । জনপ্ৰিয় গায়ক, সংগীতকাৰ আৰু অভিনেতা জুবিন গাৰ্গক পেটৰ বিষ আৰু জ্বৰজনিত অসুস্থতাৰ বাবে নিশা গুৱাহাটীস্থ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে।

বুধবাৰে নিশা তেওঁৰ নতুন ছবি **‘ভাইমন দা’**ৰ বিশেষ প্ৰিমিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি থাকোতেই হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী। তাৰ পাছতেই তৎকালীনভাৱে নেমকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয় আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভৰ্তি কৰোৱা হয়।

বৰ্তমান জুবিন গাৰ্গ অভিজ্ঞ চিকিৎসকৰ এটা দলেৰে পৰিচালিত তত্বাবধানত আছে। চিকিৎসকৰ পৰা পোৱা তথ্য অনুসৰি তেওঁৰ অৱস্থা স্থিৰ ।

শিল্পীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰি সামাজিক মাধ্যমত উদ্বেগ প্ৰকাশ কৰিছে অনুৰাগীয়ে ।

Related Articles