প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম ‘জুবিন ক্ষেত্ৰ’ হিচাবে ঘোষণা গৰিমা শইকীয়া গাৰ্গৰ । Zubeen Garg

Zubeen Garg । অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম ‘জুবিন ক্ষেত্ৰ’ হিচাবে ঘোষণা গৰিমা শইকীয়া গাৰ্গৰ
‘জুবিন ক্ষেত্ৰ’ত সংৰক্ষণ কৰা হ’ব শিল্পীগৰাকীৰ স্মৃতি বিজড়িত সম্পদ ৰাজি
দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা, ২০ অক্টোবৰঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰক ইমান দিন সকলোৱে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ বুলি কৈ আহিছিল যদিও শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰৰ নাম ‘জুবিন ক্ষেত্ৰ’ হিচাবে ঘোষণা কৰিলে গৰিমা শইকীয়া গাৰ্গে। সোমবাৰে গৰিমা শইকীয়া গাৰ্গে ঘোষণা কৰে যে তেওঁৰ প্ৰয়াত স্বামী জুবিন গাৰ্গৰ সমাধিস্থলীৰ নাম সমাধি ক্ষেত্ৰৰ পৰিৱৰ্তে ‘জুবিন ক্ষেত্ৰ’ হিচাবে পৰিচিত হ’ব। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা শইকীয়া গাৰ্গে কয় যে এই স্থানে জুবিনৰ কলাত্মক আৰু সাংস্কৃতিক অৱদানসমূহ সংৰক্ষণৰ বাবে এক স্থায়ী স্থান হিচাপে কাম কৰিব।তেওঁ কয় “এই ঠাইখনক কেৱল স্মৃতিসৌধ হিচাপে নহয়, বৰঞ্চ জুবিনৰ জীৱন আৰু আদৰ্শৰ প্ৰতি জীৱন্ত শ্ৰদ্ধাঞ্জলি হিচাপেহে স্মৰণ কৰা হ’ব।” তেোঁ লগতে কয় “আজিৰে পৰা ইয়াৰ নাম হ’ব জুবিন ক্ষেত্ৰ। আমি কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছো , যাতে জুবিনৰ বাদ্যযন্ত্ৰ, লেখা, স্মৃতিসৌধকে ধৰি সকলো ব্যক্তিগত সামগ্ৰী ইয়াত সঠিকভাৱে সংৰক্ষণ কৰা হয়।”

গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে প্ৰস্তাৱিত ক্ষেত্ৰখনৰ ডিজাইন আৰু বিন্যাসৰ বিষয়ত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। তেওঁ কয় ‘আজি সকলো সদস্যই ঠাইখনৰ গঠন আৰু নান্দনিকতা সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে।আমাৰ সামূহিক লক্ষ্য হৈছে জুবিনৰ সৃষ্টিশীল মনোভাৱক প্ৰতিফলিত কৰা আৰু তেওঁৰ অনুৰাগীৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰা এখন ঠাইৰ সৃষ্টি কৰা।’

ইয়াৰ পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কনফাৰেন্স হলত ‘জুবিন ক্ষেত্ৰ’নিৰ্মাণ সমিতিৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত, জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ উপস্থিত থাকে।সমিতিখনৰ অন্যান্য গুৰুত্বপূৰ্ণ সদস্যসকলৰ ভিতৰত আছে অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, শ্যামন্তক গৌতম আৰু সুদৰ্শন ঠাকুৰ ।এই পদক্ষেপ জুবিন গাৰ্গৰ চিৰস্থায়ী প্ৰভাৱক সন্মান জনোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে । যাতে জুবিন ক্ষেত্ৰখন আগন্তুক প্ৰজন্মৰ বাবে শিল্প, স্মৃতি, আৰু প্ৰেৰণাৰ এক সজীৱ কেন্দ্ৰ হিচাপে পৰিগণিত হয় সেয়া সকলোৱে কামনা কৰিছে ।

Related Articles