বহুত মানুহ আহিছে। (Zubeen Garg) লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক প্ৰিয় শিল্পীগৰাকীক ফুল-চকুলোৰে চিৰবিদায় জনালে গুণমুগ্ধই।
সংগীত কিংবদন্তি জুবিন গাৰ্গৰ মৰ্ত্যৰ মৃতদেহ গৃহ ৰাজ্যত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে দেওবাৰে আনুষ্ঠানিকভাৱে সংগ্ৰহ কৰা হয় শিল্পীগৰাকীৰ পদচিহ্ন।
বিশেষ সূত্ৰই ইংগিত দিছে যে চৰকাৰে এই ভৰিৰ ছাপ স্মৃতিসৌধত সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিছে, য’ত অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।
উল্লেখ্য ছিংগাপুৰত সাগৰৰ বুকুত এখন য়টত প্ৰমোদ ভ্ৰমণলৈ গৈ সাঁতুৰিবলৈ জীৱন হেৰুওৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ দেওবাৰে অসমলৈ উভতি অনা হয় ।
ছিংগাপুৰৰ পৰা বিমানযোগে নশ্বৰদেহ দিল্লীলৈ অনা হয় ৷ দেওবাৰে পুৱতি নিশা দিল্লীৰ পৰা বিশেষ বিমানযোগে মাতৃভূমি অসমলৈ অনা হয় জুবিন গাৰ্গক ।

