প্ৰকৃত জুবিন অনুৰাগীয়ে ভয় খোৱাৰ প্ৰয়োজন নাইঃ আৰক্ষী । Zubeen Garg


Zubeen Garg । অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰক সময়ত একাংশ লোকে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল। জুবিন অনুৰাগী হিচাবে তাত উপস্থিত থকা একাংশ লোকে শিলাবৰ্ষণ কৰাৰ ফলত বহুকেইজন সাংবাদিকৰ লগতে আৰক্ষীৰ লোকৰ মূৰ ফাটি তেজ বৈছিল। একেদৰে প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমৰ বাহনকে ধৰি কেইবা খনো বাহন জ্বলাই দিছিল।

এনে ঘটনাত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে এতিয়ালৈকে মুঠ নজন লোকক গ্ৰেপ্তাৰ কৰিছে। চলিত সপ্তাহৰ আৰম্ভণিতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচজন অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ বদলি কৰাৰ সময়ত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ সৈতে জড়িত ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।এই কথা নিশ্চিত কৰি বাক্সাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উজ্জল প্ৰতিম বৰুৱাই কয় যে আন কেইবাজনো সন্দেহযুক্ত লোকক চিনাক্ত কৰা হৈছে, আৰু সেইসকলক গ্ৰেপ্তাৰ কৰিবলৈ অব্যাহত আছে। তেওঁ কয় ‘আমি এই ঘটনাক অতি গুৰুত্ব সহকাৰে লৈছো আৰু আৰক্ষীৰ এটা নিষ্ঠাবান দলে অভিযান চলাই গৈছে।’ এন ই আই এফৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ আত্মীয় তথা আৰক্ষী বিষয়া সন্দিপন গাৰ্গ আৰু ব্যক্তিগত নিৰাপত্তা বিষয়া নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যক — ন্যায়িক জিম্মালৈ নিয়াৰ সময়তে অশান্তিৰ সূত্ৰপাত ঘটিছিল ।অভিযুক্তক কঢ়িয়াই অনা কনভয়ে কাৰাগাৰৰ কাষ চাপি অহাৰ লগে লগে প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰৰ লগতে বহি বাহন জ্বলাই দিয়ে, যাৰ ফলত কেইবাজনো আৰক্ষী জোৱান আৰু সাংবাদিক আহত হয়। আৰক্ষী বাহিনীয়ে লাঠিচালনা আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা চলায়।

আৰক্ষীয়ে আনকি শূন্যলৈ গুলীচালনা কৰাত ছাত্ৰ আহত হয় ।তাৰ পিছতে বাক্সা জিলাত কৰ্তৃপক্ষই ভুৱা তথ্যৰ প্ৰচাৰ ৰোধ কৰিবলৈ ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰি দিয়ে। মুছলপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ১৪৪ ধাৰা চি আৰ পি চিৰ অধীনত নিষেধাজ্ঞামূলক আদেশ প্ৰযোজ্য হৈ আছে । বাক্সাৰ পৰিস্থিতি বৰ্তমান সুস্থিৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাৰাগাৰৰ আশে-পাশে নিৰাপত্তাও কটকটীয়া কৰা হৈছে।জনসাধাৰণক আশ্বস্ত কৰি এছ এছ পি বৰুৱাই কয়, ‘জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে ভয় কৰিবলগীয়া একো নাই।অনুৰাগীৰ বেশত হিংসাৰ উচটনি দিয়াসকলক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হ’বলগীয়া হ’ব।’ ইপিনে শুকুৰবাৰে কামৰূপ (মেট্ৰ’)ৰ মুখ্য ন্যায়িক দণ্ডাধীশে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ডিমা হাছাও জিলাৰ হাফলং কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।অসমৰ অন্যতম প্ৰিয় শিল্পী জুবিন গাৰ্গে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যজনকভাবে শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ বন্যাৰ সৃষ্টি হয়। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলে শাস্তি পোৱাটো।

Related Articles