Zubeen Garg । অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি এমহীয়া মৃত্যু তিথি৷ আজিৰ এই দিনটোত ৰাজ্যজুৰি সূৰ্যকণ্ঠ জুবিন গাৰ্গক স্মৰণ কৰিবলৈ বিভিন্ন ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আজিৰ এই দিনটোতে জুবিন গাৰ্গৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গে গুৱাহাটীৰ জোনালীত থকা সেই বিশেষ ষ্টুডিঅ’টোলৈ যায়৷
জুবিনক অসমবাসীয়ে জুবিন গাৰ্গ হিচাপে চিনি পোৱাৰ ক্ষেত্ৰত সেই ©ু†ডিঅ’টোৰ অৰিহণা আছিল অপৰিসীম৷ জুবিনে তেওঁৰ জীৱনৰ বহু সময় সেই ষ্টুডিঅ’টোতে কটাইছে৷ আজি গৰিমা শইকীয়া গাৰ্গে ষ্টুডিঅ’টোলৈ গৈ স্বামীক স্মৰণ কৰে৷ গৰিমা শইকীয়া গাৰ্গে সাংবাদিকৰ আগত কয় যে এই ষ্টুডিঅ’টো আছিল জুবিনৰ অতি প্ৰিয়৷ তেওঁ এই ষ্টুডিঅ’টোতে সময় কটাই ভাল পাইছিল৷ তেওঁ কোনো ফ্লেট বিচৰা নাছিল৷ তেওঁ সেয়ে এই ষ্টুডিঅ’টোলৈ সঘনাই আহিছিল৷ ইয়াৰ প্ৰাকৃতিক পৰিৱেশো তেওঁ বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ গৰিমা শইকীয়া গাৰ্গে লগতে ষ্টুডিঅ’টো দৰ্শন কৰি সোণাপুৰলৈ যাত্ৰা কৰে৷ আজি সোণাপুৰত জুবিন সমাধি ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই নানান অনুষ্ঠানৰ আয়োজন কৰা হয়৷

