প্ৰাণৰ শিল্পী জুবিন দাক ন্যায় (Zubeen Garg) প্ৰদানৰ দাবীৰে অসমৰ বিভিন্ন জিলাত উলিওৱাৰ দৰে আজি গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটিৰ উদ্যোগতো গুৱাহাটীৰ পাণবজাৰৰ নেহৰু পাৰ্কৰ সন্মুখৰ পৰা দীঘলীপুখুৰীলৈকে হাতত মমবাতি লৈ এক শান্তি সমদল উলিওৱা হয়৷ কিন্তু চৰকাৰ প্ৰশাসনে প্ৰথম অৱস্থাত বৃহৎ আৰক্ষী বাহিনী লৈ এই শান্তি সমদলক আগবাঢ়ি যোৱাত যুক্তিহীনভাৱে বাধা প্ৰদান কৰে৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো আৰক্ষী প্ৰশাসনে আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰি হেঁচা-ঠেলা কৰে৷ আৰক্ষী প্ৰশাসনৰ এই বাধাৰ সন্মুখীন হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে– ‘সকলো ব্যক্তি, দল-সংগঠনৰে গণতান্ত্ৰিকভাৱে ন্যায় বিচৰাৰ অধিকাৰ আছে৷ অসম আৰক্ষীয়ে আমাৰ এই শান্তি সমদলক বাধা প্ৰদান কৰি ৰাইজৰ বিৰুদ্ধে থিয় হৈছে৷ অসম আৰক্ষীয়ে জুবিন দাৰ প্ৰতি ন্যায় বিচৰা এই শান্তি সমদলত ৰাইজৰ সৈতে থিয় হোৱাতো বিচাৰো৷ আপোনালোকে নেহৰু পাৰ্কৰ পৰা জুবিন দাৰ প্ৰিয় দীঘলীপুখুৰীলৈকে প্ৰায় ১০০ মিটাৰমান পথ আমাক কিয় যাবলৈ নিদিয়ে সেইটো আমি বুজি পোৱা নাই৷
চৰকাৰে দীঘলীপুখুৰীৰ পাৰৰ গছসমূহ যধে-মধে কটাৰ বিৰুদ্ধাচৰণ কৰি জুবিনদাই পুখুৰীৰ পাৰত বহি প্ৰতিবাদ কৰিছিল৷ ইয়াৰ পাছতো চৰকাৰে বহু গছ কাটিলে৷ সেইবাবেই চৰকাৰে আমাক যাব দিয়া নাই নেকি? আমি জুবিন দাৰ প্ৰতি ন্যায় বিচাৰিছোঁ৷ কিন্তু বৰ্তমান চৰকাৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে সেই সমূহ পদক্ষেপ জুবিনদাক ন্যায় দিবলৈ নহয়, মুখ্যমন্ত্ৰীৰ চকী সুৰক্ষিত কৰিবলৈহে লৈছে৷ অসম আৰক্ষীয়ে কি কাৰণত, ওপৰৰ পৰা কাৰ নিৰ্দেশ লাভ কৰি আমাৰ শান্তি সমদলক বাধা প্ৰদান কৰিছে আমি বুজি পোৱা নাই৷ আমি সকলোৱে এই কেইদিন দেখিছো যে ওপৰৰ পৰা কিছুমান শক্তিয়ে জুবিন দাৰ ন্যায়ৰ বাবে ৰাইজে কৰি থকা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী হাইজেক কৰিব বিচাৰিছে৷ তেওঁলোকে ন্যায় প্ৰদান কৰাতকৈ মুখ্যমন্ত্ৰীৰ চকী ৰক্ষা কৰাতোহে বিচাৰিছে৷
অসম চৰকাৰ আৰু শাসকীয় দলে এইকেইদিন বিভিন্ন এছঅ’পি উলিয়াইছে৷ কোন প্ৰকৃত অনুৰাগী, কোন প্ৰকত অনুৰাগী নহয় সেই চাৰ্টিফিকেট তেওঁলোকে দিব৷ কেইটা বজাৰ পৰা কেই বজাৰলৈকে জুবিন ক্ষেত্ৰলৈ অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ যাব পাৰিব তাৰ অনুমতি চৰকাৰে দিব, দীঘলী পুখুৰীলৈ অলপ পথ হাতত মমবাতি লৈ আমি শান্তি সমদল কৰিবলৈ পাৰিম নে নাই তাৰো অনুমতি চৰকাৰে দিব৷ যিজনে ওপৰৰ পৰা নিৰ্দেশ দি আছে তেওঁ গম পোৱা নাই যে– জুবিন গাৰ্গ চৰকাৰৰ নহয়, অসমৰ ৰাইজৰহে৷ জুবিন দা অসমৰ সম্পদ, গতিকে অসমৰ প্ৰাণৰ সম্পদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আমাক চৰকাৰৰ অনুমতি নালাগে৷’ আজিৰ শান্তি সমদলত সাংসদ ৰকিবুল হুচেইন, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈ, প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰদু্যৎ ভূঞা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, কামৰূপ গ্ৰাম্য জিলাৰ সভাপতি প্ৰাণজিৎ চৌধুৰীকে ধৰি প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে প্ৰায় এহাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে৷

