উজাগৰী নিশা (zubeen garg) কটালে অসমবাসীয়ে। জুবিন গাৰ্গৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা। অসমৰ সংগীত জগতৰ এটা নক্ষত্ৰ খহি পৰিল। এই দুঃখবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি শোকৰ ছাঁ। জুবিন গাৰ্গৰ মৃত্যুত আজি সকলো শোকস্তব্ধ।
সৰুসজাইত ৰখা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ। কিছুসময়ৰ পাছতেই সৰুসজাইত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গক কোন ঠাইত শ্ৰদ্ধাঞ্জলি জনাব সকলো নিৰীক্ষণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। হঠাতে হেৰাই গ’ল আমাৰ প্ৰাণৰ জুবিন।
আজি জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা। এতিয়াও যেন কোনেও সহজভাৱে মানি ল’ব পৰা নাই আমাৰ মাজৰ পৰা জুবিন গাৰ্গ আঁতৰি যোৱাৰ খবৰ। কাহিলিপাৰাৰ জুবিনৰ বাসগৃহৰ সন্মুখত এতিয়াও অগণন অনুৰাগীৰ ভিৰ। অনুৰাগীয়ে জুবিনৰ ফটোলৈ ওৰে নিশা উজাগৰে কটালে।

