এক বুজাব নোৱাৰা শোকে হেঁচা মাৰি ধৰিছে ৰাজ্যবাসী। প্ৰাণৰ শিল্পীগৰাকী আৰু নাই।
আজি পুৱাৰ ভাগত অসম পালেহি প্ৰিয়শিল্পীগৰাকীৰ নশ্বৰ দেহ। দুদিন ধৰি ওৰে নিশা উজাগৰে কটালে ৰাজ্যবাসী।
আজি অসমবাসীৰ মৰমৰ জুবিনৰ কাষত অগণন অনুৰাগী।
লাখ লাখ জুবিন ভক্তই লৈ গৈছে জুবিন গাৰ্গৰ নিজ বাসগৃহলৈ।
বৰঝাৰ বিমানবন্দৰৰ পৰা কাহিলিপাৰা বাসগৃহলৈ অনা হৈছে জুবিনৰ নিথৰ দেহ।
জুবিন গাৰ্গৰ নশ্বৰদেহৰ কাষত কান্দোনত ভাঙি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ।

