অনুৰাগীৰ কান্দোনত গছৰ (Zubeen Garg) পাত সৰিল কমাৰকুছিত৷ অসমবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই আজি মৰ্মাহত৷ ভোক-পিয়াহ কাটি কৰি অহৰ্নিশে সৰুসজাইত কটাই আজি দিনৰ ভাগত সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পীগৰাকীক চিৰ বিদায় জনালে লাখ লাখ গুণমুগ্ধই৷ চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰণ কৰি অনুৰাগীয়ে চকুলোৰে বিদায় জনালে প্ৰিয় শিল্পীগৰাকীক৷ ডিমৰীয়া কলেজে আগবঢ়োৱা চন্দন গছৰ কাঠেৰে শিল্পীগৰাকীৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ পঞ্চভূতত বিলীন হ’ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷ উল্লেখ্য, ৰাজ্যবাসীৰ হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি ছিংগাপুৰত চিৰদিনৰ বাবে চকু মুদিছিল অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গে৷ অৱশেষত আজি তেওঁ অজান দেশলৈ গুচি গ’ল, য’ৰ পৰা তেওঁ আৰু কেতিয়াও উভতি নাহে৷ আজিৰে পৰা অসমবাসীৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ নতুন ঠিকনা হ’ল কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ পাণবাৰী মৌজাৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলা৷ মঙলবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ শিল্পীগৰাকীক পিন্ধাই দিয়া হয় তেওঁৰ প্ৰিয় ড্ৰেগন সাজযোৰ৷ শেষকৃত্যস্থলীত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ আনহাতে, পৰিয়ালৰ লোকৰ উপৰি আছুকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে৷ অসম আৰক্ষীৰ তৰফৰ পৰাও শেষ শ্ৰদ্ধা নিবেদন কৰা হয় ৷
লোকাৰণ্য হৈ পৰা শেষকৃত্যস্থলীত কৰা হয় বেদ পাঠ৷ চৌদিশে কেৱল মানুহ আৰু মানুহ৷ জনসমুদ্ৰত পৰিণত হয় সমগ্ৰ সোণাপুৰ অঞ্চল৷ নিশাৰে পৰাই সোণাপুৰলৈ জনতাৰ সোঁত বৈছিল৷ লাখ লাখ লোকৰ উপস্থিতিত আজি শিল্পীগৰাকী অগ্নি দেৱতাৰ কোলাত শুই অজান দেশলৈ গুচি গ’ল৷ পৰিয়ালৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰ পৰ্ব সমাপ্ত কৰাৰ পিছতে চিতাৰ কাষলৈ অনা হয় জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷ লগে লগে আকাশে-বতাহে উচ্ছাৰিত ‘জয় জুবিনদা’, ‘জুবিনদা অমৰ হওক’ ৷ অন্তিম শয্যাত উঠাৰ পূৰ্বে পুত্ৰক শেষ বিদায় জনায় পিতৃ কপিল বৰঠাকুৰে৷ শেষ বিদায় দি শ্ৰদ্ধা নিবেদন কৰে পত্নী গৰিমা গাৰ্গে৷ ডবা, শংখ, ঘণ্টাৰ ধবনিৰ মাজতে চন্দন কাঠেৰে সজোৱা চিতাত জুবিন গাৰ্গৰ নশ্বৰ দেহ তুলি দিয়া হয়৷ চিতাত তুলি দিয়াৰ পিছতে ধৰ্মীয় ৰীতিৰে মুখাগ্নি কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে৷ মুখাগ্নি কৰাত সংগ দিয়ে জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ আৰু ৰিতু প্ৰয়াগ গাৰ্গে ৷ মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে টোপধবনিৰে শিল্পীগৰাকীলৈ সন্মান প্ৰদৰ্শন কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিতাত তুলি দিয়ে চন্দন কাঠ৷ চিতাৰ কাষতে বহি প্ৰিয় মানুহজনক শেষ বিদায় দিয়ে পত্নী গৰিমা গাৰ্গে৷ চিতাত উঠাই দিয়াৰ পিছত ১২.২২ বজাত মুখাগ্নি কৰা হয়৷ লগে লগে গুঞ্জৰিত হয় টোপধবনি ৷ ২১ জাঁই গুলী ফুটাই ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ সকলোৱে হাতযোৰ কৰি মহান শিল্পীগৰাকীৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰে৷ আকাশে-বতাহে গুঞ্জৰিত হয় বেদৰ শ্লোক৷ লগতে গুঞ্জৰিত হয় ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক শিল্পীগৰাকীৰ কালজয়ী গীতটো৷ যিটো গীত শিল্পীগৰাকীয়ে নিজৰ মৃত্যুত গোৱাটো বিচাৰিছিল৷ অন্তিম যাত্ৰাৰ সময়ত উপস্থিত অগণন জুবিনপ্ৰেমীয়ে একেলগে গালে গীতটো৷ পত্নী গৰিমা গাৰ্গেও কান্দি কান্দি গালে প্ৰিয়জনে বিচৰা গীতটো৷ এক বুজাব নোৱৰা আৱেগিক পৰিৱেশ৷
যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ৷ এক বাক্ৰুদ্ধ পৰিৱেশ৷ চন্দন কাঠৰ আৱেশত দপদপাই জ্বলি উঠা জুইকুৰাৰ মাজত বিলীন হৈ পৰিল শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ৷ জুবিন গাৰ্গৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰাৰ লগে লগে অৱসান ঘটিল এটা বৰ্ণিল যুগৰ৷ যিটো যুগৰ নেতৃত্ব দিছিল কেৱল জুবিন গাৰ্গে৷ আজি সমগ্ৰ ৰাজ্য মৰ্মাহত৷ শুকুৰবাৰে বিয়লিৰে পৰাই শোক সাগৰত ডুব গৈ আছে সমগ্ৰ ৰাজ্য৷ সিদিনাই আহিছিল অসমবাসীৰ বাবে অত্যন্ত বেয়া খবৰটো৷ জুবিন গাৰ্গ নাই বুলি সুদূৰ ছিংগাপুৰৰ পৰা আহিছিল খবৰটো৷ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে বুধবাৰে হাঁহিমুখে কাহিলিপাৰাৰ ঘৰখনৰ পৰা ছিংগাপুৰ অভিমুখে ওলাই গৈছিল জুবিন গাৰ্গ৷ কিন্তু সাগৰত সাঁতুৰিব গৈ ঘূৰি নাহিল শিল্পীগৰাকী৷ অসুস্থ হৈ পৰা শিল্পীগৰাকীয়ে ছিংগাপুৰতে শেষ নিশ্বাস ত্যাগ কৰে৷ সেই খবৰটো পোৱা মাত্ৰকে শোকস্তব্ধ হৈ পৰে সমগ্ৰ ৰাজ্যবাসী৷ ইয়াৰ পিছত শনিবাৰে নিশা ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ দিল্লীলৈ অনা হয় আৰু তাৰ পিছত দিল্লীৰ পৰা নশ্বৰ দেহ দেওবাৰে পুৱা প্ৰায় জ্জ বজাত গুৱাহাটী আহি পায়৷ দেওবাৰে গুৱাহাটী বিমানবন্দৰৰ পৰা বিশাল সমদলেৰে শিল্পীগৰাকীৰ নশ্বৰ দেহ কাহিলিপাৰাৰ বাসগৃহলৈ অনা হয়৷ সেই সমদল আছিল অসমৰ ইতিহাসৰ এক বিৰল সমদল৷ জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ প্ৰেম-ভালপোৱাই ৰাজপথক জনসমুদ্ৰৰ ৰূপ দিছিল৷ সেই সমদলত আছিল কেৱল মানুহ আৰু মানুহ ৷ জুবিনৰ মৃত্যুৰ লগে লগে এটা যুগৰ অন্ত পৰিল৷ যাৰ বাবে আজি সকলো শোক সাগৰত বুৰ গৈছে৷ বিমান বন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰখনলৈ নশ্বৰ দেহ আনোতে প্ৰায় ছঘণ্টা সময় লাগিছিল৷
ঘৰত কিছু সময় ৰখাৰ পিছত দেওবাৰে দিনৰ প্ৰায় ২.৪৫ বজাত সৰুসজাইলৈ নিয়া হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ৷ য’ত আয়োজন কৰা হৈছিল ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ৷ প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা নিবেদনৰ বাবে ৰখা হৈছিল সৰুসজাইৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত৷ দেওবাৰে বিয়লি প্ৰায় ৩ বজাৰ পৰা সোমবাৰে নিশা ১২ বজালৈ লাখ লাখ লোকে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ৰ’দ-বৰষুণ নেওচি অগণন লোকে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ শ্ৰদ্ধা জনাবলৈ ওলাই আহে আবাল-বৃদ্ধ-বণিতা৷ ইফালে মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত জি এম চি এইচত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ তাৰ পিছত পুনৰ সৰুসজাইলৈ নিয়া হয় নশ্বৰ দেহ৷ সৰুসজাইৰ পৰা পুষ্পসজ্জিত বাহনত সমদল কৰি জুবিন গাৰ্গৰ নশ্বৰ দেহ সোণাপুৰলৈ লৈ যোৱা হয়৷ সমগ্ৰ পথছোৱাৰ চৌদিশে কেৱল মানুহ আৰু মানুহ৷ সোণাপুৰৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলালৈ অনাৰ পিছত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ পঞ্চভূতত বিলীন হৈ পৰে মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ৷ ৰাজ্যবাসীক কন্দুৱাই গুচি গ’ল অজানা দেশলৈ৷ আজি সমগ্ৰ ৰাজ্য নিস্তব্ধ আৰু নিতাল৷ শিল্পীগৰাকীৰ অন্তে্যষ্টিক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ বিভিন্ন মাধ্যমযোগে ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰি অশ্ৰুসিক্ত নয়নেৰে শিল্পীগৰাকীক অন্তিম বিদায় দিয়ে৷ আপোন শিল্পীগৰাকীক অন্তিম বিদায় দি আজি শোকস্তব্ধ ৰাজ্য৷

