জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত SITৰ। (Zubeen Garg Death Case)
ইতিমধ্যে SITৰ সৈতে অভিমান্যু তালুকদাৰ আৰু তন্ময় ফুকনে যোগাযোগ কৰিছে বুলি খবৰ ওলাইছে।
হয়তো শীঘ্ৰে অসমলৈ আহি SITক সহযোগিতা কৰিব দুই প্ৰৱাসী অসমীয়াই।
কালি নিশা গৰিমা গাৰ্গক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
গৰিমা গাৰ্গক সাক্ষাৎ কৰি ওলাই অহাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-
আমাৰ বেছি চিন্তা হৈছে ছিংগাপুৰৰ অসমীয়াকেইজন তদন্তৰ বাবে অসমলৈ আহিবনে নাই? তেওঁলোক যদি নাহে, আমি তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰিম। তেওঁলোকেই জুবিনৰ য়ট যাত্ৰা বা গোটেই ঘটনাৰ মূল মানুহ আছিল। গতিকে, অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক, যাতে তেওঁলোকক পঠিয়াই দিয়ে। শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত এওঁলোক আমাৰ হাতত আছে। আমি যেনেকৈ নহ’লেও তেওঁলোকৰ পৰা সঁচা কথাটো উলিয়াব পাৰিমেই। আটাইতকৈ চিন্তাৰ কাৰণটো হৈছে ছিংগাপুৰৰ এই মানুহবিলাক ৬ তাৰিখে আহিবনে নাহে? যদি নাহে তেন্তে আমি আৰু এটা পাকচক্ৰত সোমাই যাব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সম্পৰ্কিত ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক অসমলৈ আহিবলৈ মানসিক হেঁচা দিব লাগিব। অসমবাসী ৰাইজে ছিংগাপুৰৰ অসমীয়া সমাজখনক হেঁচা দিব লাগে যাতে তেওঁলোকক পঠিয়াই দিয়ে। আইনৰ জৰিয়তে অনাৰ ৰাস্তাটো বেলেগ, কিন্তু মানুহৰ হেঁচা পালে সোনকালে আহিব। আনহাতে বিহ দিয়া বুলি যি কথা ওলাইছে, এইটো পুলিচৰ ভাষ্য নহয়। এয়া এজন অভিযুক্তৰহে ভাষ্য। এই গোটেইবোৰ তদন্ততহে ওলাব।
আনহাতে ছিংগাপুৰ অসম এছ’চিয়েশ্যনৰ বিৰুদ্ধে এজাহাৰ দাখিল।
লতাশিল থানাত এজাহাৰ দাখিল এগৰাকী অধিবক্তা হৃদয় শৰ্মাৰ।
ছিংগাপুৰ অসম এছ’চিয়েশ্যনৰ ১১জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অধিবক্তা হৃদয় শৰ্মাই।

