আজি পুনৰ CIDৰ কাৰ্যালয়ত উপস্থিত জুবিন (Zubeen Garg Death Case) গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী পাৰ্থ প্ৰতীম গোস্বামী। CIDৰ কাৰ্যালয়ত উপস্থিত হৈ জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী পাৰ্থ প্ৰতীম গোস্বামীয়ে সংবাদমেলত ক’লে-
‘মই ন্যায় বিচাৰিছোঁ। মূল কথাৰ পৰা আঁতৰি এচামে আন বিষয়ত ব্যস্ত হৈ পৰিছে। পিশাচে শাস্তি পাবই লাগিব। জুবিনক লক্ষ্মণৰেখাৰ মাজত সোমাই দিয়া হৈছিল। সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ পাৰ্থ প্ৰতীম গোস্বামী’
‘জুবিনৰ হাতত যে টকাৰ হিচাপ নাছিল মই গম পাইছিলো। সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল। মোৰ সৈতে যিখিনি তথ্য আছে সেয়া SITক প্ৰদান কৰিম।’
জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী পাৰ্থ প্ৰতিম গোস্বামীৰ এই বিস্ফোৰক মন্তব্য।

