SITৰ জেৰাত সিদ্ধাৰ্থ শৰ্মাৰ বিস্ফোৰক (Zubeen Garg Death Case) স্বীকাৰোক্তি। জুবিন গাৰ্গৰ সৈতে বহুবাৰ মনোমালিন্য হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ।এই কথা স্বীকাৰ সিদ্ধাৰ্থ শৰ্মাৰ। জুবিন গাৰ্গৰ অনিচ্ছাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল সিদ্ধাৰ্থে। বিগত দুটা বছৰৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈছিল জুবিন-সিদ্ধাৰ্থৰ মনোমালিন্য। SITৰ জেৰাত স্বীকাৰ সিদ্ধাৰ্থ শৰ্মাৰ।
পত্নী গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে বহুবাৰ জুবিন গাৰ্গৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা। জুবিন গাৰ্গক সম্পূৰ্ণৰূপে মেচিন কৰি তুলিছিল সিদ্ধার্থ শর্মাই। টকা ঘটাৰ সম্পূৰ্ণ মাধ্যমৰূপে ব্যৱহাৰ কৰিছিল দগাবাজ সিদ্ধার্থ শর্মাই। সিদ্ধার্থ শৰ্মাৰ এই চক্রান্তত পূর্ণ সহযোগ আছিল শেখৰজ্যোতি গোস্বামীৰ। শেখৰজ্যোতি আৰু সিদ্ধার্থে পৰিকল্পিতভাবে কৰিছিল সকলো কাম। অন্য লোকে জুবিন গাৰ্গৰ ঘনিষ্ঠ হোৱাৰ উমান পালে আঁতৰোৱাৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থ, শ্যামকানুৱে। SITৰ জেৰাত এটা এটাকৈ স্বীকাৰোক্তি দিছে দুই অভিযুক্তই।

