Zubeen Garg: যোৰহাটবাসীৰ হৈ চৰকাৰৰ ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ

যোৰহাটবাসীৰ হৈ চৰকাৰৰ (Zubeen Garg) ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তদ্ধ সকলো। তাৰ মাজতে জুবিন গাৰ্গৰ অন্তেষ্ট্যিক্ৰিয়া সন্দৰ্ভতো চৰ্চা চলি আছিল। জুবিন গাৰ্গৰ অন্তেষ্ট্যিক্ৰিয়া সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত কয় যে –

মই কালিয়েই কৈছিলো যে জুবিন দাৰ অন্তেষ্ট্যিক্ৰিয়া পৰিয়ালৰ সিদ্ধান্তমতেই হ’ব লাগে আৰু পৰিয়ালৰ সিদ্ধান্তক আমি পূৰ্ণ সমৰ্থন জনাম। ইয়াৰোপৰি মই কালি এইবুলিও কৈছিলো যে জুবিন দাৰ প্ৰতি থকা আমি যোৰহাটবাসী ৰাইজৰ অসীম মৰম, আবেগ আৰু ইচ্ছাকো সন্মান জনাব লাগিব।

যিহেতু জুবিনদাৰ পৰিয়ালৰ ইচ্ছা অনুসৰিয়েই চৰকাৰে সোণাপুৰত তেখেতৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়েহে যোৰহাটৰ স্থানীয় সাংসদ হিচাপে মোৰ চৰকাৰৰ প্ৰতি কেইটিমান আহ্বান আছে –

চৰকাৰে জুবিনদাৰ যোৰহাটৰ তামূলীচিগাৰ পিতৃগৃহটো সংৰক্ষণ কৰি তাত জুবিনদাৰ সকলো স্মৃতি বিজড়িত সামগ্ৰী আৰু সৃষ্টিৰাজি সংৰক্ষণ কৰি এটি সংগ্ৰহালয় স্থাপন কৰিব লাগে।

যোৰহাটত জুবিনদাৰ নামত এখন সংগীত প্ৰতিষ্ঠান স্থাপন কৰিব লাগে।

জুবিনদাৰ স্মৃতিত সংগীতৰ জগতখনৰ নতুন প্ৰতিভাক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত এক বঁটা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

স্থানীয় সাংসদ হিচাপে যোৰহাটৰ ৰাইজৰ সৈতে আলোচনা কৰি এক ৰাজহুৱা স্থানত আমি জুবিন দাৰ এটি ভব্য প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম।

জীৱন কালত ব্ৰহ্মপুত্ৰৰ পাৰত থাকি ভাল পোৱাৰ কথা কোৱা জুবিন দাৰ গুৱাহাটীৰ পানবজাৰ-কাছাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা পাৰ্কখনত এক বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। ব্ৰহ্মপুত্ৰৰ পাৰত থকা জুবিনদাৰ ইচ্ছাৰ প্ৰতি ইও আমাৰ তৰফৰ পৰা এটি বিশেষ শ্ৰদ্ধা নিবেদন হ’ব।

Related Articles