অসমৰ সংগীতৰ ভগৱান (Zubeen Garg) জুবিন গাৰ্গৰ আকস্মিক আৰু অকল্পনীয় মৃত্যুৰ আজি প্ৰায় কুৰি দিনেই হ’ল। অসমৰ প্ৰতিগৰাকী জাতি-ধৰ্ম-বৰ্ণ, পাহাৰ-ভৈয়ামৰ লোকে জুবিনক অকালতে হেৰুৱাই আজিও কান্দি আছে। আজিও স্বাভাৱিক হৈ উঠা নাই মানুহৰ দৈনন্দিন জীৱনযাত্ৰা। অসমৰ আকাশ-বতাহ। হঠাতে ঘটি যোৱা ঘটনাটো আজিও মানুহে সপোন বুলিয়েই ভাবি আছে। যেন বিশ্বাসেই কৰিব পৰা নাই। আটাইতকৈ আচৰিত কথা এইগৰাকী সুৰৰ সম্ৰাট, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি কোনোবাখিনিত খং আৰু ক্ষোভ থকাসকলেও আজি জুবিনৰ অবৰ্তমানত হিয়া ঢাকুৰি কান্দিছে। বনৰ জীৱকুলেও কান্দিছে। কাকতালীয়ভাৱে হ’লেও জুবিনৰ আপোন বগলীজনীয়েও জুবিন নোহোৱাৰ বেদনা সহিব নোৱাৰি জুবিনৰ ফটোৰ সন্মুখতেই প্ৰাণ ত্যাগ কৰিছে। বহুজন জুবিন অনুৰাগীয়ে ইতিমধ্যে সংগীতৰ সাধকগৰাকীৰ মৃত্যু শোক সহিব নোৱাৰি আত্মজাহ দিছে। এইগৰাকীয়েই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। যিগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে এটা মুহূৰ্ততে লাখ লাখ শোকদগ্ধ অনুৰাগী সমবেত হৈ সমস্বৰে কেৱল কান্দিছে আৰু কান্দিছে। গাইছে মায়াবিনী ৰাতিৰ বুকুত…।
জুবিনে কৈছিল- মোৰ কোনো জাতি নাই/ মোৰ কোনো ধৰ্ম নাই/ মই মুক্ত…। আজি যেন তাৰেই বহিঃপ্ৰকাশ ঘটিছে। জুবিনৰ শোক সমদলত সেয়ে কেৱল মানুহৰহে শোক সমদল, চকুপানী। এই সমদলত নাছিল কোনো হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টিয়ান, বৌদ্ধ। কেৱল আছিল মানুহ আৰু মানুহ। সমাধিত গৈ আজিও কান্দিছে কেৱল মানুহে। কোনো ধৰ্ম-সম্প্ৰদায়ে নহয়। সমগ্ৰ বিশ্বৰ চকু থৰ হৈ গৈছে অসমৰ জনতাৰ জুবিন গাৰ্গৰ প্ৰতি থকা মৰম আৰু ভালপোৱা দেখি। গানেৰে পৃথিৱী জয় কৰা জুবিনে আজি জয় কৰিলে অসম তথা ভাৰতৰ প্ৰতিগৰাকী আবাল-বৃদ্ধ-বনিতাৰ হৃদয়। আনকি বিশ্বৰো প্ৰতিগৰাকী লোকৰ অন্তৰত আঘাত কৰি গ’ল জুবিনৰ মৃত্যু শোকে। চিতাৰ ধোঁৱা শেষ নহওঁতেই তেওঁলৈ Google-এ বিৰল সন্মানেৰে সন্মানিত কৰিলে Humming King of the World প্ৰদানেৰে। জয় জুবিন গাৰ্গ। এইজনেই জুবিন, যিয়ে জয় কৰিলে বিশ্বক একতা, শান্তি-সুখ আৰু মানৱতাৰ হাত আগবঢ়ায়। ‘ঘেণ্টা কাকো খাতিৰ নকৰো’ বুলি ক’ব পৰা একমাত্ৰ সাহসী সংগীত শিল্পী হয়তো তুমিয়েই। মন্ত্ৰী-এমএলএ চব পাপৰহে মাত্ৰ/ দেখিবলৈ খাদ্য/ আচলতে শব্দ/ …. পৰিৱৰ্তন শব্দ শুনিবলৈ ভাল/ ঘেণ্টাডাল… বুলি কেৱল এইগৰাকী জুবিনেহে চিঞৰি চিঞৰি ক’ব পাৰিছিল। এইষাৰ উক্তিৰ প্ৰত্যুত্তৰ দিয়াৰ সাহস কৰিব নোৱাৰিলে কোনো এগৰাকী মন্ত্ৰী-এমএলএয়ে। নোৱাৰে। কাৰণ এয়া এগৰাকী সৎ সাহসী আৰু পৱিত্ৰ মনৰ মানুহৰ কথা। যাৰ পিছত লক্ষ লক্ষ জনতা থিয় হৈ আছিল প্ৰতিটো মুহূৰ্ততে। জুবিন অহা বুলি শুনিলেই জুবিন গাৰ্গৰ গীতৰ সভাত লক্ষজনৰ সমাৱেশ ঘটিছিল। য’ত ৰাজনীতিকসকলৰ সভাত পইচা-গাড়ী-আঁচনি দিয়াৰ পিছতো তাৰ আধা মানুহ গোট খোৱাৰো আশা কৰিব নোৱাৰি। এইগৰাকী জুবিন গাৰ্গক হেৰুৱাই আজি জনতা দিশহাৰা। প্ৰতিগৰাকীৰ মুখত এতিয়া ‘মায়াবিনী ৰাতিৰ বুকুত…’। সমাধিস্থলী গুচি এতিয়া হৈ পৰিছে এখন সৰ্বধৰ্মৰ সমন্বয় ভূমি তীৰ্থস্থান। সকলো ধৰ্মৰ মানুহেই সমাধিস্থলীত গৈ সোঁৱৰণ কৰিছে জুবিনক, কান্দিছে একেলগে। এনে দৃশ্য হয়তো বিশ্বতে বিৰল।
এনে উদাহৰণ না আগতে আছিল আৰু না ভৱিষ্যতে হ’ব। এইগৰাকীয়েই হ’ল আমাৰ জুবিনদা, আমাৰ জুবিন গাৰ্গ। মানুহে তেওঁক কেৱল গানৰ বাবেই ভালপোৱা নাছিল, ভাল পাইছিল তেওঁৰ মানৱদৰদী চৰিত্ৰৰ বাবেও।
কিন্তু এইগৰাকী আমাৰ হিয়াৰ আমঠু, যাক আমি অসমীয়াৰ আত্মা বুলি কওঁ তেওঁৰো যে কোনোবা বৈৰী থাকিব পাৰে সেয়া কল্পনাৰো অগোচৰ আছিল। কিন্তু অসমীয়াই নভবা বহু কথাই ঘটি গ’ল জুবিন গাৰ্গৰ ক্ষেত্ৰত। এইগৰাকী সংগীতৰ ভগৱানৰো মৃত্যু হ’ল অনাকাংক্ষিতভাৱে। শ্যামকানু মহন্ত নামৰ এগৰাকী সংস্কৃতিৰ নামত ব্যৱসায় কৰা ব্যক্তিৰ নেতৃত্বত সুদূৰ ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত সংগীত পৰিৱেশনৰ বাবে গৈছিল জুবিন গাৰ্গ। গৈছিল মানে তেওঁক লৈ যোৱা হৈছিল। নহ’লে যে তাত অসমৰ নামত ফেষ্টিভেল পতাসকলৰ একো লাভ নহ’ব। সেয়ে এইসকল সংস্কৃতিৰ বেপাৰীয়ে জুবিন গাৰ্গৰ কান্ধত বন্দুক থৈ ধনৰ বেপাৰ কৰিছিল। জুবিন গাৰ্গ আছিল বৰ্তমান সময়ত এগৰাকী ‘ছিজাৰ’ আক্ৰান্ত ৰোগী। সেয়ে তেওঁৰ অতীব প্ৰয়োজন আছিল জিৰণি লোৱাৰ। কিন্তু সংস্কৃতিৰ নামত বেপাৰ কৰাসকলে সেইবোৰলৈ কোনো গুৰুত্বই নিদিলে। তেওঁৰ প্ৰতি সামান্যতমো যত্ন নল’লে। ফলত আমি হেৰুৱালো সংগীতৰ ভগৱানক, অসমৰ হাৰ্টথ্ৰবক। সেয়ে আজি প্ৰতিগৰাকী অসমৰ আবাল-বৃদ্ধ-বনিতাই চিঞৰি চিঞৰি কান্দিছে। সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাহঁতৰ যাৱজ্জ্বীৱন কাৰাদণ্ড অথবা ফাঁচীৰ দাবীত অসমৰ মাটি-পানী-বায়ু কঁপাই তুলিছে। কিন্তু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ আজি প্ৰায় ২০ দিন অতিবাহিত হ’ল। অৱশ্যে ইয়াৰ মাজতে আশাৰ খবৰ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। ইয়াৰ পৰৱৰ্তী সময়ত জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামী আৰু সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছে। আৰক্ষীৰ মাৰাথন জেৰাত তেওঁলোকে বিভিন্ন ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে। শেহতীয়াকৈ শেখৰ গোস্বামীয়ে চিআইডিৰ আগত জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰা আৰু এই জঘন্য কাণ্ড সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰো অভিযোগ আনিছে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। যদি এই কথাটোৱেই সঁচা বুলি প্ৰমাণ হ’ব লগা হয় তেনেহ’লে কিমান সাংঘাটিক ঘটনা হ’ব পাৰে সেই কথা। যিজন জুবিনক আমি ভগৱানৰ অৱতাৰ বুলি বিশ্বাস কৰি আহিছো, সেইজন জুবিনক আকৌ হত্যা কৰিম বুলি একাংশই কৌশল ৰচনা কৰি একেবাৰে শেষেই কৰি পেলালে। আৰু ইয়াৰ পিছৰ পৰিস্থিতি আমি আজি পৰ্যন্ত দেখি আহিছো। অসমত জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ মুহূৰ্ততে দুখ আৰু ক্ষোভৰ উদ্গিৰণ হৈছে। চাৰিওফালে ধ্বনিত হৈছে কেৱল ‘জয় জুবিন’ ধ্বনি। ন্যায় বিচাৰি ৰাজপথ আজিও কঁপাই আছে। ইয়াৰ লগে লগে জুবিনৰ পইচা খাই খাই নোদোকা হোৱা সিদ্ধাৰ্থ আৰু জুবিনক ধাল হিচাপে লৈ সংস্কৃতিৰ বেপাৰ কৰা শ্যামকানুহঁতৰ বিৰুদ্ধেও গৰজি উঠিল জনতা। ক্ষোভৰ যেন বহিঃপ্ৰকাশ ঘটিল। তেওঁ সদায় এখন ধৰ্মনিৰপেক্ষ সঁচা মানৱতাৰ সমাজ বিচাৰিছিল। সেয়ে গৌৰৱেৰে ক’ব পাৰিছিল- মোৰ কোনো ধৰ্ম নাই/ মোৰ কোনো ভগৱান নাই বুলি। কিন্তু দুখৰ বিষয়, আমি এতিয়া দেখিবলৈ পাইছো- লাহে লাহে একাংশই আকৌ ধৰ্মক লৈ, জুবিনক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে খুব সন্তৰ্পণে। বিশেষকৈ ৰাজনীতি কৰাসকলে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জুবিনক লৈ কোনে কি কৰিলে তাকে লৈ ৰাজনীতি আৰম্ভ কৰিবলৈ লৈছে। জুবিন যিহেতু কোনো ধৰ্মৰ মানুহ নহয় তেওঁ কেৱল সকলোৰে ভগৱান গতিকে তেওঁক ভগৱান হৈয়ে থাকিবলৈ দিয়ক। জুবিনে বিচৰা সমাজ এখন গঢ়াত মনোনিৱেশ কৰক কি ৰাজনীতিক কি সাধাৰণ জনতাই।
তেতিয়াহে জুবিনক সঁচা অৰ্থত ভালপোৱাতো বুজাব। আমি জুবিনৰ আদৰ্শ জীয়াই ৰাখিব লাগিব, জুবিনে বিচৰা সমাজ এখন গঢ়িব লাগিব। য’ত নাথাকিব হিন্দু-মুছলমান-খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, জৈন। থাকিব কেৱল মানুহ। যেনেকৈ আজি সকলোৱে গাইছে- মায়াবিনী…, ঠিক তেনেকৈ সকলোৱে সংকল্প লওক জুবিনে বিচৰা সমাজখন গঢ়িবলৈ। সেয়ে কৈছো- জুবিনক কোনেও যেন ৰাজনীতিৰ আউটিলৈ টানি নানে। সেয়া কংগ্ৰেছ, বিজেপি বা আন কোনো ৰাজনৈতিক দলেই নহওক কিয় । ৰাজনীতি কৰক তেওঁলোকে আন বিষয় লৈ। অসমৰ সৰ্বাংগীণ উন্নয়নক লৈ ৰাজনীতি কৰক। কিন্তু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বন্ধ কৰক। জুবিনে সকলোতে গান গাইছিল। কোনো গান নোগোৱা তেওঁৰ ‘বিশেষ’ ঠাই নাছিল। আৰু এটা কথা হঠাতে জুবিনপ্ৰেমী হোৱাত কি আপত্তি কৰিবলগীয়া আছে। জুবিন গাৰ্গক বা প্ৰাণৰ জুবিনদাক ভালপাবলৈ, তেওঁৰ প্ৰেমত পৰিবলৈ কোনো নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন নাথাকে। জুবিন সকলোৰে হৃদয়ত আছে, আছিল আৰু থাকিব। এইবোৰ বিষয় টানি নানিলেই জুবিনে বিচৰা সমাজখন আমি পাম। এতিয়া সকলোৱে বিচাৰে জুবিনে ন্যায় পাওক। জুবিনে ন্যায় পালেই অসমৰ শোকাৰ্ত জনতাই ন্যায় পাব।
জুবিনৰ মৃত্যুৰ আঁৰত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে যিসকল জড়িত তেওঁলোকক বিচাৰি উলিয়াই জনতাই বিচৰা ধৰণে বিচাৰ কৰি শাস্তি বিহা হওক। তেতিয়াও আমি জুবিনক আৰু কায়িকভাৱে নাপাওঁ। তথাপি জনসাধাৰণে ন্যায় পাব, তেওঁৰ পত্নী-পিতৃয়ে ন্যায় পাব। আমি এতিয়া তাকেই বিচাৰো। সমগ্ৰ বিশ্বই বিচাৰে। সকলোৱে তীক্ষ্ণ দৃষ্টিৰে চাই আছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ ফলাফল কি হ’ব। সেয়ে জুবিনৰ ভাষাৰেই কওঁ– ‘পলিটিক্স নকৰিবা বন্ধু… । আমি সকলোৱে মনত ৰখা ভাল- জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধবত। ধৰ্ম-সম্প্ৰদায়ৰ ঊৰ্ধবত। এইগৰাকী সংগীতৰ ভগৱানক বিদায় দিব পৰা নাযায়, আমি তেওঁৰ প্ৰত্যাগমনলৈ আগ্ৰহেৰে বাট চাই ৰ’ম। কাৰণ তেৱেঁই কৈ গৈছে মই পুনৰ জুবিন গাৰ্গ হৈ জন্ম ল’ব বিচাৰো বুলি।
লেখকঃ ভূপেন মহন্ত

