শ্যামকানু মহন্ত (Zubeen Garg) আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহৰ দাখিল শিল্পী সন্থাৰ। সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাই জনাই যে সমগ্ৰ শিল্পী সন্থাৰ হৈ আমি চি আই ডিৰ কাৰ্যালয়ত একত্ৰিত হৈ শ্যামকানু মহন্ত আৰু প্ৰয়াত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহৰ দাখিল কৰোঁ। জুবিন গাৰ্গে ন্যায় নোপোৱালৈ আমি ক্ষান্ত হৈ নাথাকোঁ।
আনহাতে যতীন বৰাই সামাজিক মাধ্যমত উল্লেখ কৰে জুবিন গাৰ্গৰ প্ৰতি ন্যায় আৰু সঠিক তদন্তৰ দাবীৰে শিল্পী সমাজৰ হৈ CID কাৰ্যালয়ত এখনি এজাহাৰ দাখিল কৰা হ’ল। সঠিক তদন্ত হ’বই লাগিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। অসমবাসী ৰাইজৰ মনত থকা সন্দেহ আৰু আঘাতবোৰ আতৰ হ’বই লাগিব। অসমৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে আমি স্তব্ধ নহও।

