Zublee: বিহুৰ বতৰতে ভাতৃক হেৰুৱালে কন্ঠশিল্পী জুবলীয়ে

নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী জুবলীৰ ভাতৃয়ে।(Zublee) চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি ল’লে তেজয় বৰুৱাই।ভাতৃৰ মৃত্যুৰ পাছতো হাৰিয়ানাৰ ফৰিদাবাদত অনুষ্ঠান কৰিলে কন্ঠশিল্পী জুবলীয়ে। অনুষ্ঠানৰ পূৰ্বে ক’লে, ‘মোৰ সকলো ভাল বুলি কোৱাজন আজিৰ পৰা মোৰ লগত নাথাকে’। ‘আজিৰ অনুষ্ঠানটি মোৰ ভাইটিলৈ উৎসৰ্গা কৰিছো’। বিহুৰ বতৰতে ভাতৃক হেৰুৱালে কন্ঠশিল্পী জুবলীয়ে। মৰমৰ ভাতৃ ‘মানু’ক হেৰুৱাই মঞ্চতে উচুপি উঠিল শিল্পীগৰাকী।

বিহুৰ বতৰতে ভাতৃক হেৰুৱালে কন্ঠশিল্পী জুবলীয়ে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। তেওঁ লিখে,

‘আজি মন গৈছে কথা এটা ক’বলৈ

আজি মোৰ এজন ভাইটিৰ লগত চিনাকী কৰি দিবলৈ, নাম তাৰ তেজয় বৰুৱা। মৰমত মাতো মানু বুলি। এটিযেন হাঁহিৰ ভঁড়াল সি। সৰু কথা এটাতে ইমান হাঁহিব পাৰে। আমাৰ হাঁহি আছিল সি, আমাৰ জীৱনৰ এটা দৃঢ় অংশ আছিল সি।

মই তাৰ হেনো BEST বায়েক। সকলো কথা কয়, তাৰ জীৱনৰ প্ৰায়বোৰ গুৰুত্তপূ্ৰ্ণ সিদ্ধান্ত মোক সুধিহে যেন লয়। নেজানো তাৰ বাবে কি কৰিলো, কিন্তু তাৰ মতে বহুত কৰিছো।

কিবা প্ৰকাৰে মৰম লগাই সদায়। সি বিহুৰ সময়ত মোক সমৰ্বদ্ধনা জনোৱা, মোৰ গাত থকা গামোছা খনহে বিচাৰে। আজিও তেনে এখন গামোছা দিবলৈ বুলি আহিলো। সি গমেই নাপালে কিন্তু তাক যে ধুনীয়া গামোছা এখন দিলো।

তাৰ মতে মই আকৌ BEST SINGER’ও হয়। সামাজিক মাধ‍্যমৰ প্ৰচাৰত সক্ৰিয় নথকাৰ বাবে প্ৰায়ে বহুত আপত্তি, বহু গীত আছে বহু বছৰৰ পৰা মুক্তি পাবলগীয়া তাকেলৈ বহু আপত্তি। মুঠতে মোৰ কাৰণে এসোপামান কাম কৰাৰ সপোন। মোক আৰু ডাঙৰ কৰাৰ সপোন। আৰু ক’ত কি সপোন। অন্ধ ভক্ত সি মোৰ গানৰ।

প্ৰকৃত নাম Tajinder Singh। লক্ষীমপুৰৰ শিখ সম্প্ৰদায়ত জন্ম গ্ৰহণ কৰা জূব্ লী বৰুৱাৰ ভায়েক তেজয় বৰুৱা। নাম হেনো বদলি কৰিব Affidavit কৰি।

ইমান আপোনভাৱ, ইমান মৰম। বিশ্বাস আছিল সি মোক চাব, সি কথাও দিছিল কিন্তু সি কথা ৰাখিব নোৱাৰিলে। সি এৰি গ’ল আমাক। সি যোৱা ডেৰ মাহে যুঁজ দি ভাগৰি পৰিল। ৩৬ বছৰ হৈছিল, আৰু অলপ জোৰ দিব লাগিছিল। তাক উঠাই আনি ক’বলৈ মন গৈছে, পৰিয়ালৰ দুজনকৈ লোক – মোৰ দেউতা আৰু মোৰ বাইদেও কেন্সাৰ সৈতে যুদ্ধ কৰি আছে যোৱা তিনি চাৰি বছৰ ধৰি, এতিয়াও সাহস এৰি দিয়া নাই, তই কিয় সাহস এৰি দিলি। মই বেয়া পাইছো তোক। মই ভগৱানকো বেয়া পাইছো কাৰণ বহুত কাকূতি মিনতি কৰিলো তেঁওক কিন্তু নুশুনিলে। ভাগৰুৱা মই, মোক প্ৰয়োজন আছিল তোৰ এইতো সময়ত। তোৰ মা আছিল ৰৈ, মাক ভালদৰে চাবলগীয়া আছিল তোৰ। কি যে কৰিলি!

আজি ফৰিদাবাদত অনুষ্ঠান আছে, ৰাইজ আছে ৰৈ। ৰাইজৰ আৰ্শিবাদত বহুত শক্তি, মইও মানো কিন্তু আজি কি ক’ম? কি আৰ্শিবাদ দিব তোক ৰাইজে? মইতো হাঁহিবও লাগিব, গীতও গাব লাগিব কিন্তু চকুলো ওলাব নোৱাৰিব কিয়নো আগত ৰাইজ আছে ৰৈ।

মনে কষ্ট পাব কিন্তু আজি তোৰ কাৰণেই গাম, মই জানো তই তাৰ পৰা দেখি ভাল পাবি।

তই ভালে থাক …… বিদায় মোৰ সোণ ।’

Related Articles