নগাঁৱৰ নাৰ্ছিং হ’মত চাঞ্চল্যকৰ ঘটনা,ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাৰ্ছৰ মৃতদেহ

নগাঁও ,১২ জুন ,নগাঁৱৰ এখন নাৰ্ছিংহ’মত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগাঁও চহৰৰ বৰবজাৰ এলেকাত থকা ডিবিএম (DBM) নামৰ নাৰ্ছিংহ’ম খনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চিকিৎসা প্ৰতিষ্ঠান খনৰ হোষ্টেলত আজি দুপৰীয়া এগৰাকী নাৰ্ছৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে প্ৰতিষ্ঠান খনত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ হোৱা নাৰ্ছ গৰাকী পুৰৱী বৰা বুলি চিনাক্ত কৰা হৈছে। পুৰবীৰ ঘৰ পুৰণিগুদামত। নাৰ্ছিংহ’মখনত কৰ্মৰত নাৰ্ছ গৰাকীয়ে আত্মহত্যা কৰিছে বুলি নাৰ্ছিংহ’ম খনৰ কৰ্তৃপক্ষ আৰু সহকৰ্মী সকলে সন্দেহ প্ৰকাশ কৰিছে। সহকৰ্মী সকলে জনোৱা অনুসৰি আজি পুৱা হোষ্টেলৰ একেটা কোঠাত থকা সহকৰ্মীৰ সৈতে প্ৰাত:ভ্ৰমণলৈ গৈছিল পুৰবী বৰা।কিন্তু ৰহস্যজনক ভাবি আজি দুপৰীয়া হোষ্টেলৰ কোঠাত নাৰ্ছ গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

আজি বহু দেৰিলৈকে কৰ্তব্যলৈ নহাত সহকৰ্মী কোঠালৈ গৈ প্ৰত্যক্ষ কৰে যে নাৰ্ছ গৰাকী সংজ্ঞাহীন ভাবে বিছনাত পৰি আছে। এই খবৰ পোৱাৰ লগে লগে নাৰ্ছিংহ’মৰ চিকিৎসক আদি কোঠাটোলৈ আহে।তেওঁলোকে জানিব পাৰে যে ইতিমধ্যে নাৰ্ছ গৰাকীৰ মৃত্যু হৈছে। এই সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা বেজি দিয়া চিৰিঞ্জ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহৰ কাষত বেজি দিয়া চিৰিঞ্জ আৰু আন সামগ্ৰী উদ্ধাৰ হোৱালৈ চাই নাৰ্ছ গৰাকীয়ে হয়তু অত্যাধিক নিচাযুক্ত ঔষধ বা পয়জন সেৱন কৰিব পাৰে বুলি সন্দেহৰ সৃষ্টি হৈছে। অৱশ্যে এই সকলো কথা আৰক্ষীৰ তদন্ততহে পৰিস্কাৰ হব। নাৰ্ছ গৰাকীয়ে প্ৰেমজনিত কাৰণত আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে সহকৰ্মী সকলে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related Articles