সমাজ-সংস্কৃতি আৰু বিশ্বৰ জ্ঞান-অভিজ্ঞতাৰ মাজত সেতু গঢ়ে অনুবাদ সাহিত্যইঃ ডাঃ নিৰ্মল চাহেৱালাসপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত ‘অনুবাদ সাহিত্য আৰু প্ৰাসংগিকতা’ শীৰ্ষক আলোচনা-চক্ৰ

সমাজ-সংস্কৃতি আৰু বিশ্বৰ জ্ঞান-অভিজ্ঞতাৰ মাজত সেতু গঢ়ে অনুবাদ সাহিত্যইঃ ডাঃ নিৰ্মল চাহেৱালা
সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত ‘অনুবাদ সাহিত্য আৰু প্ৰাসংগিকতা’ শীৰ্ষক আলোচনা-চক্ৰ

অনুবাদ কেৱল এটা ভাষাৰ শব্দ আন এটা ভাষালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া নহয়, ই হৈছে এখন সমাজৰ সংস্কৃতি, জীৱনশৈলী, পৰম্পৰা, ৰীতি-নীতি আৰু সামূহিক অভিজ্ঞতাক আন এটা ভাষা-ভাষী সমাজৰ মাজলৈ লৈ যোৱা এক শক্তিশালী মাধ্যম। অনুবাদ সাহিত্যৰ জৰিয়তেহে বিভিন্ন ভাষা-জনগোষ্ঠীৰ সাহিত্যই বৃহত্তৰ পাঠক সমাজৰ মাজত প্ৰসাৰ লাভ কৰাৰ সুযোগ পায়। অনুবাদ সাহিত্যই সমাজ-সংস্কৃতি আৰু বিশ্বৰ জ্ঞান-অভিজ্ঞতাৰ মাজত সুদৃঢ় সেতু গঢ়ি তোলে।- ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত খোজ অসমৰ উদ্যোগত অনুষ্ঠিত সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱৰ বাকৰিত আজি ‘অনুবাদ সাহিত্য আৰু প্ৰাসংগিকতা’ শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা-চক্ৰ উদ্বোধন কৰি বিশিষ্ট চিকিৎসক, সাহিত্যিক তথা ‘অসম আদিত্য’ৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল চাহেৱালাই এইদৰে কয়। ডাঃ চাহেৱালাই আৰু কয় যে অসমৰ কাৰ্বি, মিচিং, বড়ো আদি জনগোষ্ঠীৰ নিজস্ব সমৃদ্ধ সাহিত্য-সংস্কৃতি আছে। কিন্তু সেই সাহিত্যসমূহৰ যথাযথ অনুবাদ নহ’লে সেয়া এক সীমিত পৰিসৰৰ মাজতে আবদ্ধ হৈ থাকিব। অনুবাদৰ জৰিয়তে এখন সমাজৰ সাহিত্যই আন এখন সমাজৰ দুৱাৰ মুকলি কৰাৰ লগতে পাৰস্পৰিক বুজাবুজি আৰু সাংস্কৃতিক বিনিময়ৰো পথ প্ৰশস্ত কৰে। নিজৰ শিক্ষাজীৱনৰ অভিজ্ঞতা উল্লেখ কৰি তেওঁ কয় যে তেওঁ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে বিজ্ঞানৰ বিষয়সমূহ অসমীয়া ভাষাৰ মাধ্যমতে অধ্যয়ন কৰিছিল। সেয়েহে মাতৃভাষাত জ্ঞান আহৰণৰ গুৰুত্ব তেওঁ গভীৰভাৱে অনুভৱ কৰে।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ জ্ঞান, সাহিত্য আৰু চিন্তা-চেতনাক সাধাৰণ পাঠকৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত অনুবাদ সাহিত্যৰ বিকল্প নাই বুলি তেওঁ উল্লেখ কৰে। অনুবাদৰ জৰিয়তে আন এখন সমাজৰ জীৱন আৰু সংস্কৃতিক কেনেদৰে ওচৰৰ পৰা উপলব্ধি কৰিব পাৰি, সেয়া তেওঁ বক্তব্যৰ জৰিয়তে সুন্দৰকৈ আলোকপাত কৰে। আলোচনা-চক্ৰখনৰ সঞ্চালনা কৰি লেখক তথা চিকিৎসক ডাঃ সৌৰভ বুঢ়াগোহাঁয়ে অনুবাদক এখন সমাজৰ সাহিত্য, লোককথা, চিন্তা-চেতনা, সংস্কৃতি, ৰাজনীতি আৰু বঞ্চিত জনগোষ্ঠীৰ অভিজ্ঞতাক আন এখন সমাজৰ সৈতে সংযুক্ত কৰা সেতু বুলি ব্যক্ত কৰে। লগতে তেওঁ অনুবাদৰ জৰিয়তে বিভিন্ন সমাজৰ মাজত জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদান সম্ভৱ হয় বুলি উল্লেখ কৰে। আলোচনাত অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক তথা অনুবাদক ড° কল্যাণ ভূঞাই অনুবাদৰ জটিলতা, মূল ভাষাৰ প্ৰতি আনুগত্য আৰু অনুবাদকৰ সৃষ্টিশীল দায়বদ্ধতাৰ বিভিন্ন দিশ আলোকপাত কৰে। তেওঁ কয় যে এখন গ্ৰন্থৰ প্ৰকৃত ভাব, ভাষাৰ সৌন্দৰ্য, সাংস্কৃতিক পৰিৱেশ আৰু লেখকৰ কথনশৈলী অক্ষুণ্ণ ৰখাটো অনুবাদৰ ক্ষেত্ৰত অত্যন্ত প্ৰত্যাহ্বানমূলক। মূল ভাষাৰ পৰা পোনপটীয়াকৈ অনুবাদ কৰাটোৱেই অধিক গ্ৰহণযোগ্য বুলি তেওঁ ভাষণ প্ৰসংগত ব্যক্ত কৰে। তেওঁ কয় যে মধ্যৱৰ্তী ভাষাৰ জৰিয়তে অনুবাদ কৰিলে বহু সময়ত মূল লেখকৰ ভাব আৰু বক্তব্যৰ পৰিৱৰ্তন ঘটিব পাৰে।

অসমীয়া ভাষাত বহু বিদেশী শব্দ, কাৰিকৰী পৰিভাষা আৰু সাংস্কৃতিক উপাদানৰ যথাযথ প্ৰতিশব্দৰ অভাৱৰ কথাও ড° ভূঞাই উল্লেখ কৰে। আন এখন সমাজৰ সংস্কৃতিত থকা অথচ অসমীয়া সমাজত অপৰিচিত বিভিন্ন বিষয় অনুবাদৰ সময়ত ভাষাগত সমস্যাৰ সৃষ্টি কৰে বুলি তেওঁ কয়। অনুবাদ কেৱল শব্দৰ প্ৰতিস্থাপন নহয়, ই মূল লেখকৰ অনুভূতি, অভিপ্ৰায় আৰু প্ৰকাশভংগী যথাসম্ভৱ অক্ষুণ্ণ ৰখাৰ এক সৃষ্টিশীল প্ৰচেষ্টা বুলিও তেওঁ ব্যক্ত কৰে। আলোচনাত গৱেষক তথা লেখক পেইম থি গোহাঁই আৰু অনুবাদক ড° বন্দিতা মুদিয়াৰ ঠাকুৰীয়াইও অনুবাদ সাহিত্যৰ প্ৰাসংগিকতা, প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। বক্তাসকলে উল্লেখ কৰে যে অনুবাদ সাহিত্যৰ জৰিয়তে কেৱল আন ভাষাৰ সাহিত্যৰ সৈতে পৰিচয় হোৱাই নহয়, ই নিজৰ ভাষা আৰু সাহিত্যকো সমৃদ্ধ কৰাৰ সুযোগ সৃষ্টি কৰে। বৰ্তমান বিশ্বায়নৰ যুগত বিভিন্ন ভাষা-সংস্কৃতিৰ মাজত সংযোগ স্থাপন আৰু জ্ঞানৰ পৰিসৰ বিস্তাৰৰ বাবে অনুবাদ সাহিত্যৰ প্ৰয়োজনীয়তা ক্ৰমাৎ বৃদ্ধি পাইছে বুলি আলোচনা-চক্ৰত প্ৰতিফলিত হয়। উদ্‌যাপন সমিতিৰ সাহিত্য উপদেষ্টা তথা ডি ডি আৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক লক্ষীনন্দন বৰগোহাঞিয়ে আদৰণি আৰু শলাগৰ শৰাই আগবঢ়ায়। উদ্‌যাপন সমিতিৰ সম্পাদক বিশ্ববিজয় ফুকন, সহকাৰী সম্পাদক বিশ্বকিংকৰ বৰুৱা, সদদ্য প্ৰদীপ্তপ্ৰাণ ভট্টাচাৰ্য্য আৰু ঘোষিকা দ্বীপান্বিতা শৰ্মাই অতিথষকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Articles