পুৱাই হাতত ঝাড়ু তুলি ল’লে সাংসদ বিজুলী কলিতা মেধি, মেয়ৰ মৃগেন শৰণীয়াই

পুৱাই হাতত ঝাড়ু তুলি ল’লে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু GMCৰ মেয়ৰ মৃগেন শৰণীয়াই।

আজিৰে পৰা গুৱাহাটী পৌৰ নিগমৰ ১০০ দিনীয়া কাৰ্যসূচী।

শতদিন শত অভিযান শীৰ্ষক এই কাৰ্যসূচীৰ আজি শুভাৰম্ভ।

এই কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, সাংসদ বিজুলী কলিতা মেধি আৰু পাৰিষদসকল, পৌৰ নিগমৰ বিষয়-ববীয়া আৰু কৰ্মচাৰীসকলে হাতে হাতে ঝাড়ু লৈ গান্ধী মণ্ডপৰ চৌহদ পৰিষ্কাৰ কৰে।

Related Articles