ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷ কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷ দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দক্ষ মানুহৰ কেতিয়াও মৰণ নাই, দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়ঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…
- চৰাইদেউ মৈদাম ক্ষেত্ৰক ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা ইউনেস্কৰ, চৰাইদেউত উৎসৱমুখৰ পৰিৱেশ…
- অসমৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ! অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ…
- গোগামুখৰ মহৰিকেম্পত স্বাধীনতা দিৱসৰ আয়োজনঃ ক্ৰীড়া-সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত হ’ব ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প…
- ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা ফেচবুক একাউণ্টেৰে প্ৰৱঞ্চনাৰ জাল দুৰ্বৃত্তৰ…
- বলীউডৰ পৰা টলিউডলৈকে বহু নায়ক আৰু নায়িকায়ে ভেগান ডায়েট অনুসৰণ কৰিছে! এই ভেগান ডায়েট কি…
- বিলাসীপাৰা শোকাৱহ ঘটনা ! ৰে’ল বিভাগৰ অভাৰ ব্ৰিজৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৰ্শ ফলত থিতাতে নিহত এজন শ্ৰমিক…
- শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ড° ভৱেন মহনৰ ৰাইজৰ দলত যোগদান…
- ৰাজ্য চৰকাৰে ৫ বছৰত ১.৫০ লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে : মুখ্যমন্ত্ৰী…
- বক্সিং ৰিঙত খলকনি তুলিবলৈ সাজু অসম কন্যা লাভলীনা, নিজ গৃহৰ পৰা সুদূৰ পেৰিছত থকা কন্যাক শুভেচ্ছা জনালে পিতৃ-মাতৃয়ে…