বড়ো ভাষাৰ “ছাইখ্লুম” গ্ৰন্থৰ বাবে ওদালগুৰিৰ চেল্ফমেড ৰাণী বড়োৰ সাহিত্য অকাডেমী বটাঁ লাভ

সাহিত্য অকাডেমীয়ে ঘোষণা কৰা ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে বড়ো ভাষাৰ যুৱ সাহিত্যিক চেল্ফমেড ৰাণী বড়ো নিৰ্বাচিত হোৱাৰ খৱৰ বিয়পি পৰাৰ লগে লগে সাহিত্যিকগৰাকীৰ বাসগৃহত গুণমুগ্ধই ভীৰ কৰাৰ লগতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ বড়ো ভাষাৰ “ছাইখ্লুম” চুটি গল্পৰ সংকলন গ্ৰন্থৰ বাবে যুৱ সাহিত্য অকাডেমী সন্মান লাভ কৰা শ্ৰীমতী বড়ো ১৯৭৭ চনৰ ২ জুনত জন্মগ্ৰহণ কৰা


ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ নিকটৱৰ্তী ১ নং শিমলুবাৰীৰ গাঁও নিবাসী পিতৃ পেছাত তৰণী দেহীৰাম বড়ো আৰু গাঁৱৰ চ’কত শাক-পাচলিৰ দোকান দি পৰিয়ালক আৰ্থিকভাৱে সহায় কৰা মাতৃ প্ৰমিলা বড়োৰ মাজু কন্যা অসম সচিবালয়ৰ বড়ো ভাষাৰ অনুবাদকৰূপে কৰ্মৰত চেল্ফমেড ৰাণী বড়োয়ে বৰ্তমানলৈ লাফি নজেৰ খিথেৰ(২০১৮), উনদাহানী অ’ৰ(২০০০) আৰু ছাইখ্লুম (২০২২) নামৰ তিনিখনকৈ গ্ৰন্থৰ লেখিকা শ্ৰীমতী বড়োলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱাৰ বতৰা বিয়পি পৰাৰ লগে লগে বিভিন্ন দল-সংগঠন আৰু তেওঁৰ গুণমুগ্ধ ব্যক্তিসকলে তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক অভিনন্দন জনায় ৷ ম’বাইলত সামাজিক মাধ্যম ব্যৱহাৰেৰে সাহিত্য সৃষ্টিত সহায় কৰা বুলি উল্লেখ কৰি বড়ো ভাষাৰ সমান্তৰালকৈ অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰা যুৱ লেখিকাগৰাকীৰ এই সাফল্যত ওদালগুৰি জিলাত আনন্দৰ সৃষ্টি হৈছে ।

Related Articles