Breaking

বৰক’লা শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ সম্বৰ্ধনা সভা সম্পন্ন

0 20

‘আমাক এনে এজন অভিযন্তা নালাগে যিজন অভিযন্তাৰ তদাৰকত বা নিৰ্দেশত নিৰ্মাণ হোৱা এখন নতুন দলং দুবছৰতে ভাঙি নিঃশেষ হওক, আমাক এনে এজন চিকিৎসকৰো প্ৰয়োজন নাই যি দুখীয়া-নিচলা ৰোগীক দেখি নেদেখাৰ ভাওযোৰক, আমাক এনেকুৱা এজন চৰকাৰী আমোলা বিষয়া নালাগে যি নিজৰ মাক-দেউতাকৰ ৰোগ-ব্যাধিত কাষত থাকি সেৱা কৰাৰ সময় নাথাকে, আমাক এনেকুৱা এজন তথাকথিত ডিগ্ৰীধাৰী শিক্ষিত ক্ষমতাশালী লোককো নালাগে যি নিজৰ জন্মভূমিক ভাল পাব নাজানে অথবা আমাক এনেকুৱা এজন বিষয়াও নালাগে যি নিজৰ কাৰ্যালয়তেই হওক অথবা বাটে-ঘাটেই হওক ওপৰলৈ হাত ডাঙি ৰঙাঘৰৰ আলহী হৈ আমাক লজ্জানত কৰিব বিচৰা বদনামী বিবেকহীন ব্যক্তিক আমাক নালাগে ৷ আমাক উচ্চ পদবীধাৰীতকৈ উচ্চ মনৰ ভাল মানুহহে আমাক লাগে ৷ যিয়ে সমাজলৈ প্ৰকৃতাৰ্থত কঢ়িয়াই আনে আদৰ, সন্মান, সম্ভ্ৰম ৷ আমাক ভৱিষ্যতৰ বাবে তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়েই লাগে ৷’ নগাঁও জিলাৰ বৰক’লা শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত ২৩ মে’ত অনুষ্ঠিত বাৰ্ষিক সম্বৰ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি প্ৰেছ ক্লাব, বেবেজীয়াৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে ভাষণ প্ৰসংগত উল্লেখিত বক্তব্য দাঙি ধৰে ৷

বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে যোগদান কৰি ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে নিকেতনখনৰ শৈক্ষিক পৰিবেশৰ শলাগ লৈ আজি প্ৰথম বাৰৰ বাবে শিক্ষানুষ্ঠানখনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ প্ৰতি আৰু অধিক মনোনিবেশ কৰি নিজৰ জীৱন জিলিকাই তুলিবলৈ আহ্বান জনোৱাৰ লগতে নিকেতনখনৰ সমস্যা সমূহ দূৰীকৰণৰ হেতু চৰকাৰী নিয়মানুসৰি আৰ্থিক সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰি আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত দহ লক্ষাধিক টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ উপৰি উৎকট গৰমৰ পৰা কিছু পৰিমাণে সকাহ পাব পৰাকৈ নিকেতনখনত বৰ্তমান সময়ত প্ৰয়োজনীয় হৈ পৰা পাঁচখন চিলিং ফেন বিধায়ক দাসে ব্যক্তিগতভাৱে শীঘ্ৰেই আগবঢ়াব বুলি বক্তব্যত প্ৰকাশ কৰে ৷ নৱম শ্ৰেণীৰ ছাত্ৰী ভায়লিনা লস্কৰে পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে আচাৰ্য বিজিন্দৰ সিঙে ৷ প্ৰাক্তন উপাধ্যক্ষ গোবিন চন্দ্ৰ শৰ্মা, প্ৰাক্তন বিষয় শিক্ষকদ্বয় ৰজত মুদৈ আৰু ললিত নাথ, ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত প্ৰাক্তন কৃতী শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰ, কামপুৰৰ সংকুল প্ৰমুখ সঞ্জীৱ হাজৰিকা, প্ৰাক্তন পঞ্চায়ত সভাপতি যোগপ্ৰসাদ বৰদলৈ, বিশিষ্ট সচেতন মহিলা ভাৰতী দেৱীৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ জিলা উপ- সভাপতি সুবৰ্ণ সিংহ, জনাৰ্দন শইকীয়া, কমাৰগাঁও মণ্ডলৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি সীমান্ত দেউৰী, সম্পাদক মনোজ বৰা প্ৰমুখ্যে গুণী-জ্ঞানী বিশিষ্ট লোকসকল উপস্থিত থকা সভাখনত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা স্নেহা বৰঠাকুৰ, সমুদ্ৰ কুমাৰ ডেকা, ইন্দ্ৰাশ্ৰী লস্কৰ, ঋতুপৰ্ণা দাস, জুবিতৰা দাস, শিখামণি ডেকা, আদিত্য চুবেদাৰ, দিক্ষীতা বৰুৱা,প্ৰিয়ম ডেকা,ডেভিদ দাস, ভূপিন্দৰ সিং আৰু বাবুল কাকতিক ফুলাম গামোচা, মমেণ্টো আৰু অভিনন্দন পত্ৰৰে অভিনন্দিত কৰা হয় ৷

বৰক’লা গুৰু নানক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা উৎপলা ডেকাই আঁত ধৰা উক্ত অভিনন্দন অনুষ্ঠানটিতে নিকেতনখনৰ বছেৰেকীয়া উত্তীৰ্ণৰ ওপৰত বিশেষ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত আকাংক্ষা বনিয়া, লিচা দেৱী, চিমাশ্ৰী বৰা, ইক্ষু শইকীয়াৰ উপৰি বছৰৰ সৰ্বাধিক উপস্থিতিৰ বাবে ছাত্ৰ দীপ দৰ্শন ৰাজকুমাৰেও বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ সম্বৰ্দ্ধনা সভাৰ প্ৰাকক্ষণত নিকেতনৰ প্ৰধান আচাৰ্য বিকাশ নাথে অভ্যাগত সকলক উদ্দেশ্যি আদৰণী ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত স্থানীয় খেলুৱৈ অভীনৱ বৰদলৈয়ে লং জাম্পৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱাত তেওঁকো অভিনন্দন জনোৱা এই সভাতেই অহা বছৰ নিকেতনখনিয়ে ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰিবলৈ লোৱা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰা হয় ৷ সভাৰ অন্তত অন্তত আচাৰ্য দাদু কাকতিৰ শলাগৰ শৰাইৰে নিকেতনৰ বাৰ্ষিক সম্বৰ্ধনা সভাখনিৰ পৰিসমাপ্তি ঘটে ৷

Leave A Reply