মৈৰাবাৰী, ৬ ফেব্ৰুৱাৰী, ২০২৫ঃ Gunotsav । মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চহৰীয়া গাওঁ আদৰ্শ হাইস্কুলত আৰু মৈৰাবাৰী ৰিফিউজি এল পি স্কুলত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনা সুন্দৰ পৰিবেশত সফলতাৰে অনুষ্ঠিত হয়।
চহৰীয়া গাওঁ আদৰ্শ হাইস্কুলত অনুষ্ঠিত এই গুণোৎসৱত বিদ্যালয়ৰ অনুশীলন আৰু প্ৰাতঃসভার প্ৰাৰ্থনাই বহী: নিৰীক্ষণসকল, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষণ কৰে। এই কাৰ্যসূচীত বহী: নিৰীক্ষণ হিচাপে মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বিপুল বৰা আৰু কটহগুৰী কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপক মতিবুৰ ৰহমান মুকুট উপস্থিত থাকে।
নিৰীক্ষণ দলৰ সদস্যসকলে বিদ্যালয়সমূহৰ গুণোৎসৱৰ প্ৰস্তুতি শলাগি শিক্ষা বিভাগৰ এই পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁলোকে মন্তব্য কৰে যে, এই গুণোৎসৱৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক আৰু ব্যৱহাৰিক ক্ষেত্ৰত উন্নতি সাধন কৰিব।
ইফালে, মৈৰাবাৰী ৰিফিউজি এল পি স্কুলত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীও সুকলমে সম্পন্ন হয়। এই বিদ্যালয়ত বহী: নিৰীক্ষণ হিচাপে ধিঙ কে বি স্কুলৰ বিষয় শিক্ষক নিৰুপম হাজৰিকা উপস্থিত থাকে।
উভয় বিদ্যালয়ৰ গুণোৎসৱ অনুষ্ঠানত স্থানীয় অধিবাসী আৰু অভিভাৱকসকলে উপস্থিত থাকি এই প্ৰক্ৰিয়াত সহযোগিতাৰ হাত আগবঢ়ায়। গুণোৎসৱৰ এই ধৰণৰ পদক্ষেপে শিক্ষাৰ মান উন্নীত কৰিবলৈ উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি সকলে আশা প্ৰকাশ কৰে।