দেশত এতিয়া মূল্যবৃদ্ধিৰ জুই৷ তাৰ মাজতে বহুতৰে মাজত আলোচনা হৈছে– আকৌ লকডাউনেই হয় নেকি? এনে চৰ্চাৰ মাজতে ৰ জুনৰ পৰা টেক্স, বেংকিং, ডিজিটেল পেমেণ্ট আৰু সৌৰ শক্তিৰ খণ্ডত বহুতো নতুন নিয়ম কাৰ্যকৰী কৰিব চৰকাৰে৷ সেই মৰ্মে ডিজিটেল জালিয়াতি ৰোধ কৰিবলৈ ইউ পি আই পেমেণ্টত এক ডাঙৰ সলনি কৰা হৈছে৷ এতিয়াৰ পৰা আপুনি যেতিয়া কোনো কিউ আৰ ক’ড স্কেন কৰিব বা কাৰোবাৰ ম’বাইল নম্বৰলৈ ধন প্ৰেৰণ কৰিব, তেতিয়া স্ক্ৰীণত সেইজন ব্যক্তিৰ প্ৰকৃত নামটোৱেই দেখুৱাব যিটো বেংকত পঞ্জীয়নভুক্ত হৈ আছে৷ ইয়াৰ ফলত ভুৱা নাম ব্যৱহাৰ কৰি কৰা প্ৰতাৰণা বহুত কমি যাব৷
আনহাতে, জুন মাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিত্তীয় কামটো হৈছে এডভান্স টেক্স জমা কৰা৷ যিসকলৰ আনুমানিক কৰৰ পৰিমাণ দহ হাজাৰ টকাতকৈ বেছি, তেওঁলোকে ১৫ জুনৰ ভিতৰত এড্ভান্স টেক্সৰ প্ৰথম কিস্তি জমা কৰিব লাগিব৷ নিৰ্ধাৰিত সময়ত এই কৰ নিদিলে প্ৰতি মাহে এক শতাংশ হাৰত সুদ ভৰিবলগীয়া হ’ব পাৰে৷ পুৰণি টেক্স ব্যৱস্থা বাছনি কৰা চাকৰিয়ালসকলৰ বাবে এটা ভাল খবৰ আছে৷ ল’ৰা-ছোৱালীৰ শিক্ষাৰ ভাত্তাৰ ৰেহাই প্ৰতিটো শিশুৰ বিপৰীতে মাহে তিনি হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ ঠিক একেদৰে হোষ্টেলৰ ভাত্তাৰ ৰেহায়ো মাহে ন হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ উপৰি বেংগালুৰু, পুনে, হায়দৰাবাদ আৰু আহমেদাবাদৰ দৰে চহৰক পঞ্চাশ শতাংশ ঘৰভাৰা ৰেহাইৰ [এইচ আৰ এ] তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷ আনহাতে, বেংকিং সেৱাৰ ক্ষেত্ৰত গ্ৰাহকসকলে কিছু অসুবিধা পাব পাৰে৷ জুন মাহত কিছুমান বেংকে তেওঁলোকৰ সেৱাৰ মাচুল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷
ধন উলিওৱা, মিনি ষ্টেটমেণ্ট আৰু বেলেঞ্চ চেক কৰা আদি সেৱাৰ বাবে এতিয়া বেছি মাচুল ভৰিবলগীয়া হ’ব পাৰে৷ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন চমুকৈ ইপিএফঅ’ৱেও এক নতুন সুবিধা মুকলি কৰাৰ প্ৰস্তুতি চলাইছে৷ অতি সোনকালেই কৰ্মচাৰীসকলে ইউপিআইৰ জৰিয়তে পোনে পোনে নিজৰ পি এফৰ ধন উলিয়াব পাৰিব, যাৰ ফলত এই প্ৰক্ৰিয়াটো বহুত দ্ৰুত আৰু সহজ হৈ পৰিব৷ আনফালে, প্ৰতি মাহৰ দৰে এইবাৰো ১ তাৰিখে তেল কোম্পানীসমূহে এল পি জি, চি এন জি আৰু পি এন জিৰ দাম নিৰ্ধাৰণ কৰিব৷ ইয়াৰ লগতে পান কাৰ্ডৰ নিয়মতো কিছু সলনি কৰা হৈছে৷ সম্পত্তি কিনা-বেচাৰ কিছুমান ক্ষেত্ৰত পান কাৰ্ডৰ সীমা দহ লাখৰ পৰা বিশ লাখ টকালৈ বৃদ্ধি কৰা হৈছে৷ অৱশ্যে পঞ্চল্লিছ লাখ টকাতকৈ অধিক মূল্যৰ সম্পত্তিৰ লেনদেনত পান কাৰ্ড দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু বছৰত দহ লাখতকৈ বেছি নগদ ধন উলিয়ালে তাৰ ৰিপ’ৰ্ট কৰা হ’ব৷ শেষত, ১ জুনৰ পৰা সৌৰ শক্তি প্ৰকল্পৰ বাবেও নতুন নিয়ম কাৰ্যকৰী হ’ব, য’ত চৰকাৰী ৰাজসাহায্য প্ৰাপ্ত প্ৰকল্পসমূহত কেৱল অনুমোদিত সৌৰ মডিউলহে ব্যৱহাৰ কৰিব পাৰিব৷

