Breaking

সকলো কলেজ আৰু বিশ্ববিদ্যালয়তে ‘চেলফি পইণ্ট’ বনাবলৈ নিৰ্দেশ ইউ জি চিৰ

0 98

বিশ্ববিদ্যালয় অনুদান আয়োগে দেশৰ প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ‘চেলফি পইণ্ট’ সৃষ্টি কৰি বিভিন্ন ক্ষেত্ৰত দেশৰ সফলতাক উদযাপন কৰাৰ লগতে দেশৰ যুৱক-যুৱতীসকলক সজাগ কৰি তুলিবলৈ নিৰ্দেশ দিছে। ইউজিচিৰ সম্পাদক মনীষ যোশীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ অধ্যক্ষলৈ এই নিৰ্দেশনা জাৰি কৰে।

শুকুৰবাৰে জাৰি কৰা হয় এই গাইডলাইন। ‘চেলফি পইণ্ট’ৰ পটভূমি কি হ’ব সেই সন্দৰ্ভতো বিশদ নিৰ্দেশনা দিছে ইউজিচিয়ে। একাংশ সূত্ৰৰ মতে এই চেলফি জ’নৰ পটভূমিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি থ’বলৈ কোৱা হৈছে। কিন্তু ইয়াৰ উল্লেখ গাইডলাইনত ক’তো নাই।

গাইডলাইন অনুসৰি বিভিন্ন শিক্ষানুষ্ঠানত এই ‘চেলফি পইণ্ট’ সৃষ্টিৰ উদ্দেশ্য হৈছে বিভিন্ন ক্ষেত্ৰত দেশৰ সফলতাক উদযাপন কৰা। বিশেষকৈ নতুন শিক্ষা নীতিত লোৱা পদক্ষেপসমূহৰ সফলতাক যুৱক-যুৱতীসকলৰ আগত উজ্জ্বল কৰি তুলিবলৈ। ‘চেলফি পইণ্ট’ৰ পটভূমি কি হ’ব সেই বিষয়েও ইউজিচিয়ে অৱগত কৰিছে।

সকলো ‘চেলফি পইণ্ট’ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ বিষয়বস্তুৰ ওপৰত, ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত হ’ব বুলি গাইডলাইনত উল্লেখ কৰা হৈছে। উচচ শিক্ষানুষ্ঠানসমূহে শিক্ষা মন্ত্ৰালয়ে অনুমোদন জনোৱা ত্ৰিমাত্ৰিক পটভূমি অনুসৰি নিৰ্মিত ‘চেলফি পইণ্ট’ শ্ৰেণীকোঠাৰ বিশেষ স্থানত স্থাপন কৰিব লাগে বুলিও ইউজিচিয়ে উল্লেখ কৰিছে। লগতে ছাত্ৰ-ছাত্ৰীসকলক বিশেষ স্থানলৈ গৈ চেলফি তুলি সেই ছবিসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

Leave A Reply