কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত খাদ্য আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া আৰু শ্বহীদ গজেন ইংতিক সুঁৱৰি ছাত্ৰ সংহতি দিৱস পালন কৰা হয়। বিশ্ববিদ্যালয় চৌহদৰ শ্বহীদ বেদীত আয়োজিত শ্ৰদ্ধাঞ্জলি আৰু শ্বহীদ সোঁৱৰণ অনুষ্ঠানত বন্তি প্ৰজ্বলক আৰু অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু পঞ্জীয়ক ড০ হীৰেন ডেকা।

কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই অৰ্থনৈতিক জাতীয়তাবাদৰ অংশ হিচাপে কৃষি কৰ্মৰ সৈতে জড়িত হোৱাৰ উপৰি আধুনিক প্ৰক্ৰিয়াৰে কৃষিকৰ্মত নিয়োজিত হ’বলৈ আহ্বান জনায়। কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হীৰেণ ডেকাই ছাত্ৰ সংহতি দিৱস স্মৰণৰ দিন হোৱাৰ উপৰি অৰ্থনৈতিকভাৱে অগ্ৰসৰ হোৱাৰ বাবে পণ লোৱাৰ দিন বুলিও উল্লেখ কৰে। কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই বৰ্তমান সময়ৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, শিক্ষাখণ্ডৰ বিভিন্ন সংকট আৰু জাতীয় জীৱনৰ বহু প্ৰত্যাহ্বানে ১৯৭৪ চনৰ আন্দোলনৰ পৰিবেশক সোঁৱৰাই দিয়ে বুলি উল্লেখ কৰি পুনৰ শ্বহীদদ্বয়ক স্মৰণ কৰাৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পাইছে বুলি কয় লগতে ছাত্ৰ সমাজে জাতিৰ বিবেক হিচাপে নিজৰ দায়িত্ব পালন কৰি সমাজৰ ইতিবাচক পৰিবৰ্তনৰ বাবে আগবাঢ়ি আহিব লাগিব।

চৰকাৰে অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়িবলৈ খিলঞ্জীয়া লোকক উৎসাহিত কৰাৰ পৰিকল্পনা কৰিবলৈ আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই আহ্বান জনায়।শ্বহীদদ্বয়ক সুঁৱৰি কৰা মৌন প্ৰাৰ্থনাৰে অনুষ্ঠানটোৰ সামৰণি পৰে।অনুষ্ঠানটোত কটন বিশ্ববিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক কুলেন দাস,কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা হৃষীকেশ দত্ত, হিমাংশু কুমাৰ দাস, আছু গোটৰ সদস্য উজ্জ্বল ডেকা, ৰক্তিম বৰকাকতি, ঋতুস্মান ভূঞা, নিশান্ত ঘোষ, নীলোৎপল দত্ত, শ্যামলজিত দাস, হিমাংগ কলিতা আদিকে ধৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

