নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰেংবেং গৰুবন্ধা মিকিৰ গাঁওস্থিত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া এক বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷

উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত আজি দ্বিতীয় দিনা কাৰ্য্যসূচীত যুৱক যুৱতীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়৷

স্থানীয় কাৰ্বি জনজাতি ৰাইজৰ মাজত এই ৩৪তম কাৰ্বি যুৱ মহোৎসৱক লৈ উৎসাহ- উদ্দীপনা দেখিবলৈ পোৱা যায়৷

এই যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি এখনি ক্ষুদ্ৰ মেলাৰো আয়োজন হয় গুণাৰাম টিমুং ক্ষেত্ৰৰ খেলপথাৰত৷

দ্বিতীয় দিনাৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে কাৰ্বি ৱেলফেয়াৰ অটনমাছৰ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃছাৰছিং ইংতি কাঠাৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকল৷

Related Articles