দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে উন্মোচন উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ আলোচনী ‘কলম’

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ দ্বাৰা প্ৰকাশিত সাহিত্যিক কলা সংস্কৃতি মূলক তিনিমহীয়া আলোচনী “কলম”ৰ শাৰদীয় তথা অষ্টম বৰ্ষৰ চতুৰ্থ সংখ্যাটি আজি উন্মোচন কৰা হয়। উত্তৰ গুৱাহাটীৰ বিশিষ্ট সংগীত শিল্পী তথা উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ সংগীত বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেশ্বৰ বড়োৰ বাসভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আলোচনী খন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী কুলেন বড়োৱে। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত ‘কলম’ৰ মুখ্য সম্পাদক ড’ তাৰিণী কান্ত হালৈ, সাংবাদিক উংপল তামুলী, সন্থাৰ সম্পাদক ৰূপক ডেকা , প্ৰাক্তন ফুটবল খেলুৱৈ অমূল্য বড়োকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ এই ধাৰাবাহিক প্ৰচেষ্টাৰ শলাগ লয়।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিল্পী ধীৰেশ্বৰ বড়োৱে উল্লেখ কৰে যে ছ’চিয়েল মিডিয়াৰ ধামখুমীয়াত ছপা মাধ্যমৰ প্ৰতি একাংশৰ আগ্ৰহ কমিছে যদিও ছপা মাধ্যমৰ গুৰুত্ব কোনোদিনে ম্লান হ’ব নোৱাৰে। উল্লেখ্য,” কলম” আলোচনী খনৰ এটা জনপ্ৰিয় শিতান হৈছে শিল্পীৰ পৃথিৱী। এই আলোচনী খনৰ প্ৰতিটো শিতানত একো গৰাকী প্ৰচাৰ বিমুখ শিল্পীক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়াস কৰা হয়। আৰু তাৰেই অংশ হিচাপে এইবাৰৰ সংখ্যাত শিল্পী ধীৰেশ্বৰ বড়োৰ শিল্পী সত্তাক দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। অনুষ্ঠানত শিল্পী ধীৰেশ্বৰ বড়োৱে পৰিবেশন কৰা কেইবাটাও গীতে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে।

Related Articles