আজি দুৰ্গা পূজাৰ মহাষ্টমীৰ লগতে কাতি বিহুৰ দিনটোতে চুতীয়া সাহিত্য সন্মিলন,অসমৰ প্ৰচেষ্টাত প্ৰকাশ হৈ উলাল-উজনি অসমৰ এখন বিখ্যাত শক্তি পীঠ ঢকুৱাখনাস্থিত শ্ৰীশ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ৰ ঐতিহ্য পৰম্পৰা সামৰি সাংবাদিক ৰাজীৱ বৰুৱাই যুগুতাই উলিওৱা এখনি গ্ৰন্থ-‘হাৰ্হি দেৱালয়ৰ ইতিবৃত্ত’।গুৱাহাটীৰ প্ৰকাশন প্ৰতিস্থান পুৰুলীল প্ৰিন্ট এণ্ড পাব্লিকেশ্বনে প্ৰকাশ কৰা-‘হাৰ্হি দেৱালয়ৰ ইতিবৃত্ত’ গ্ৰন্থখনি আজি দিনৰ ১১.৩০ বজাত হাৰ্হি দেৱালয়ত উন্মোচন কৰে সদৌ চুতীয়া জাতি সন্মিলন,অসমৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা বুৰঞ্জীৰ গৱেষক নৃপেন শইকীয়াই। গৱেষক শইকীয়াই উন্মোচনী ভাষনত কয় যে-
‘ঢকুৱাখনাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱা অসমৰ সাহিত্য জগতৰ এগৰাকী উদীয়মান চিনাকি লেখক।ইতিমধ্যে বৰুৱাই বুৰঞ্জী বিষয়ক বিভিন্ন অধ্যয়ন আৰু গৱেষণাৰে অসমৰ আগশাৰীৰ কাকত আলোচনীত ভালেমান লেখা প্ৰকাশ কৰি এগৰাকী বুৰঞ্জী সাহিত্যৰ লেখকৰূপেও আত্ম প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। ‘হাৰ্হি দেৱালয়ৰ ইতিবৃত্ত’খনো ৰাজীৱ বৰুৱাৰ অধ্যয়ন আৰু গৱেষণাৰ ফচল।এইখন গ্ৰন্থ নতুন প্ৰজন্মৰ ইতিহাস অধ্যয়নকাৰীসকলৰ বাবে আধাৰ হ’ব।ইয়াৰ জড়িয়তে হাৰ্হি দেৱালয়ৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে অধ্যয়ন কৰিবলৈ সুযোগ পাব।”
উল্লেখ্য যে আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালতে-১৭২২ খ্ৰী:ত হাবুঙৰ হাৰ্হি অঞ্চলত স্থাপিত এই শক্তিপীঠখনৰ ইতিহাস সম্পৰ্কীয় প্ৰণালীবদ্ধ কিতাপ আজিলৈকে প্ৰকাশ হোৱা নাছিল;সাংবাদিক, লেখক ৰাজীৱ বৰুৱাই এই গ্ৰন্থখন যুগুতাই তাৰ এটা বাট কাটিলে।আজিৰ এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সেৱক চুতীয়া,চাইছা'(চুতীয়া যুৱ সন্মিলন,অসম’)ৰ কেন্দ্ৰীয় সভাপতি-কৌস্তভ কিশোৰ চুতীয়া,ঢকুৱাখনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈ,আৰু গুৱাহাটীৰ পুৰুলীল প্ৰিন্ট এণ্ড পাব্লিকেশ্বনৰ স্বত্বাধিকাৰী ডিম্পুল চুতীয়াই বক্তব্য ৰাখি ৰাজীৱ বৰুৱাক উৎসাহিত কৰাৰ লগতে সাহিত্য চৰ্চা
ধাৰাবাহিকভাৱে চলাই যাবলৈ আহ্বান জনায়।এইসকলৰ উপৰিও আজি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত চুতীয়া সাহিত্য সন্মিলন,অসমৰ কেন্দ্ৰীয় উপ-সভাপতি-ৰোহিনী চুতীয়া, বিত্তীয় সম্পাদক ৰাজু চুতীয়া, লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ উজনি মণ্ডলৰ সম্পাদক-অৰুণ চমুৱা আৰু ঢকুৱাখনা আৰক্ষী থানাৰ উপ পৰিদৰ্শক ধৰণী গগৈ,উপস্থিত আছিল।

