আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু।কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।খেতিপথাৰত আৰু ঘৰৰ চোতালৰ চাৰিওফালে শস্যৰ মংগল তথা ‘লখিমী’ক আদৰিবলৈ সাজু অসমীয়া। অসমীয়া আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। এই সময়ত খেতিপথাৰত ধান গজিবলৈ ধৰে যদিও কৃষকৰ ভঁৰাল প্ৰায় খালী হৈ থাকে। সেয়েহে ইয়াক ‘কঙালী বিহু’ বুলি কোৱা হয়।
কাতি বিহুৰ দিনা অসমীয়া ৰাইজে ঘৰে ঘৰে তুলসীৰ তলত চাকি জ্বলায় আৰু ভগৱানৰ ওচৰত পৰিয়ালৰ মংগল তথা শস্যৰ ভাল উৎপাদনৰ বাবে প্ৰাৰ্থনা কৰে। কৃষকসকলে ধাননি পথাৰত বন্তি জ্বলায়, যাতে খেতিপথাৰলৈ শুভ শক্তিৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।
কাতি বিহু অসমীয়া কৃষিজীৱী সমাজৰ আশা, বিশ্বাস আৰু পৰম্পৰাৰ প্ৰতীক। এই বিহুৱে আমাক শ্ৰমৰ মৰ্যাদা, প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা আৰু মিতব্যয়িতাৰ শিক্ষা দিয়ে। সকলো অসমবাসীলৈ পৱিত্ৰ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

