পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃ।
বেংগালুৰুৰ NLSIUত আইনৰ ডিগ্ৰী লাভ নন্দিল বিশ্ব শৰ্মাৰ।
পুত্ৰ নন্দিলক অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মাই।
দেশৰ মুখ্য ন্যায়াধীশৰ হাতেৰে বাংগালুৰুৰ NLSIUৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই।
পুত্ৰৰ সফলতাত গৌৰৱান্বিত পিতৃয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিলে মনৰ অনুভৱ-
আজি এজন গৌৰৱান্বিত পিতৃ হিচাপেহে মোৰ অনুভৱখিনি ভাষাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। ![]()
“আজি পুৱা বেংগালুৰুৰ এন এল এছ আই ইউত পুত্ৰ নন্দিলে আইন বিষয়ৰ ডিগ্ৰী গ্ৰহণ কৰা মুহূৰ্তটো মোৰ বাবে কেৱল আনন্দৰ নহয়, বহু স্মৃতিৰে ভৰা এক বিশেষ ক্ষণ৷ কেতিয়ানো নন্দিল ডাঙৰ হৈ নিজৰ সপোনৰ বাটেৰে আগবাঢ়িবলৈ সাজু হোৱা এজন যুৱক হৈ উঠিল, সেয়া যেন ধৰিবই নোৱাৰিলোঁ।
সময় তেনেকুৱাও আছিল যেতিয়া CLATৰ প্ৰস্তুতিৰ বাবে এবছৰ বিৰতি লোৱাৰ কথা সি মোক আৰু ৰিণিকি জনাইছিল, তেতিয়া এজন পিতৃ হিচাপে মনত স্বাভাৱিকতেই কিছু প্ৰশ্ন আৰু চিন্তা আহিছিল। কিন্তু CLATত ৪০ সৰ্বভাৰতীয় ৰেংকিং অৰ্জন কৰি আমাক দুয়োকে সি নিজৰ সিদ্ধান্তৰ বিশ্বাস প্ৰদান কৰিলে আৰু পূৰ্ণ নিষ্ঠাৰে চেষ্টা কৰি এই বিশেষ দিনটো আমাৰ বাবে কঢ়িয়াই আনিলে।
সন্তানক জীৱনৰ বাট দেখুৱাবলৈ আমি বছৰ বছৰ ধৰি চেষ্টা কৰোঁ, অথচ এদিন সিহঁতেই আমাক শিকাই যায়—নিজৰ ওপৰত বিশ্বাস ৰখাৰ অৰ্থ কি, ধৈৰ্যৰে আগবঢ়াৰ সাহস কিমান আৰু নিজৰ বাট নিজে বাছি লোৱাৰ আনন্দ কিমান গভীৰ।
সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ, নন্দিল
এই সফলতা কেৱল এক নতুন আৰম্ভণিহে। জীৱনৰ পৰৱৰ্তী অধ্যায়টো আত্মবিশ্বাস, সততা আৰু মানৱীয়তাৰে লিখি যোৱা। তোমাৰ সপোনবোৰে তোমাক সফলতাৰ সোপানেৰে বহু দূৰলৈ আগুৱাই লৈ যাওক…”

