আজি মুম্বাইলৈ অনা হ’ব টাইগাৰ শ্ৰফ ঘটনাৰ ৩ অভিযুক্তক

বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাৰ সৈতে জড়িত ৩ অভিযুক্তক ৪৮ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ড মঞ্জুৰ কৰা হৈছে। ৰাজস্থানৰ কোটাত সোমবাৰে অভিযুক্ত তিনিজনক এজন ন্যায়ধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ পিছত মুম্বাই আৰক্ষীক এই ট্ৰেনজিট ৰিমাণ্ড প্ৰদান কৰা হয়। দেওবাৰে মুম্বাইৰ জুহুস্থিত এটা ফুটবল ক্লাবৰ পৰা ওলাই অহাৰ সময়ত টাইগাৰ শ্ৰফৰ গাড়ী লক্ষ্য কৰি গুলীচালনা কৰি অভিযুক্তকেইটাই ৰেলযোগে পলাই যাবলৈ চেষ্টা কৰিছিল। ৰাজস্থান আৰু মুম্বাই আৰক্ষীৰ এক যুটীয়া অভিযানত তেওঁলোকক কোটা ৰেলৱে ষ্টেচনৰ জয়পুৰ এক্সপ্ৰেছ ৰেলৰ পৰা আটক কৰা হয়। এই গুলীচালনাত অভিনেতা টাইগাৰ শ্ৰফ কথমপি ৰক্ষা পৰে যদিও তেওঁৰ গাড়ীচালক আৰু আন দুজন লোক আঘাতপ্ৰাপ্ত হয়।

বৰ্তমান সুস্থ বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ। একেৰাহে ৫ জাঁই গুলী চলাইছিল দুর্বৃত্তই। গুলীচালনাত বাহনৰ কাঁচ ভাঙি সোঁহাত আৰু বুকুত আঘাতপ্রাপ্ত টাইগাৰ। আঘাতপ্ৰাপ্ত হৈছিল যদিও বৰ্তমান সুস্থ টাইগাৰ শ্ৰফ।

ঘটনাৰ পিছতে টাইগাৰ শ্ৰফক সাক্ষাৎ কৰিছিল মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্দেই। টাইগাৰ শ্ৰফৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰে জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ। ৰে’লৰ পৰা গ্ৰেপ্তাৰ তিনিও অভিযুক্তক।

Related Articles